শুকুৰবাৰে ডিব্ৰুগড়লৈ আহিব ৰাহুল গান্ধী। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ সবিশেষ ডিব্ৰুগড়ত সদৰী কৰিলে অখিল ভাৰত কংগ্ৰেছ কমিটীৰ সচিব বিকাশ উপাধ্যায়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰিয়েই লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰিব।
ইয়াৰ পিছতেই চাবুৱাৰ দিনজয় চাহ বাগিচাৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি পুনৰ ডুমডুমাৰ আন এখন সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে। আনহাতে, ২০ মাৰ্চত যোৰহাটলৈ গৈ মৰিয়নীৰ এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে গহপুৰত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব।
আনহাতে, ২১ মাৰ্চত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে যোৰহাট বিমানবন্দৰত অৱতৰণ কৰি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে হেলিকপ্টাৰযোগে নাজিৰাত অৱতৰণ কৰি ৰাজহুৱা সভা সম্বোধন কৰিব। ইয়াৰ পিছত গোলাঘাট খুমটাইত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।
২২ মাৰ্চত ক্ৰমে সৰুপথাৰ, কলিয়াবৰ, বটদ্ৰৱাত ৰাজহুৱা সভা আৰু বটদ্ৰৱা সত্ৰ দৰ্শন কৰিব। আনহাতে, নিৰ্বাচন উপলক্ষে বিজেপি অত্যধিক শংকিত বুলি মত ব্যক্ত কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে। সেয়ে এতিয়া অসমৰ আকাশত বিজেপিয়ে ধনবলৰ জৰিয়তে হেলিকপ্টাৰ উৰুৱাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহসহ ইজনৰ পিছত কেন্দ্ৰীয় নেতা অসমলৈ আহিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|