অসমৰ ৰাজনীতিৰ পিতামহ উত্তৰ পাৰৰ প্ৰেমধৰ বৰা। নিৰ্বাচন বুলিলেই উৎফুল্লিত হৈ পৰে প্ৰবীন ৰাজনৈতিক নেতাগৰাকী। অসম বিধান সভাত অভিলেখ সংখ্যক ১১ বাৰ নিৰ্বাচন খেলা প্ৰেমধৰ বৰা সাজু হৈছে দ্বাদশবাৰৰ বাবে। পূৰ্বৰ এঘাৰ বাৰ নিৰ্দলীয় হিচাপে ৰাইজৰ প্ৰাৰ্থী হোৱা প্ৰেমধৰ বৰাক এইবাৰো নালাগে কোনো দলৰ টিকট। প্ৰেমধৰ বৰাই কেৱল যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে সেয়া নহয়।
১৯৬৭, ১৯৭২, ১৯৭৮, ২০০১ চনত নিৰ্দলীয় হিচাপেই বিহপুৰীয়া সমষ্টিৰ পৰা জয়লাভ কৰিছিল প্ৰেমধৰ বৰাই। ১৯৭৯ চনৰ তদানীন্তন যোগেন হাজৰিকা মন্ত্ৰী সভাৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা প্ৰেমধৰ বৰা এতিয়া সাজু মনোনোয়ন পত্ৰ দিবলৈ। ৰাজ্যৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰাই ২০০১ চনত অসম বিধান সভাৰ প্ৰ'টেম অধ্যক্ষও আছিল।
নিৰ্দলীয় হিচাপে জিকিও মন্ত্ৰীসভাত দ্বিতীয় স্থান লাভ কৰা প্ৰেমধৰ বৰা যথেষ্ট জনপ্ৰিয় বিহপুৰীয়া সমষ্টিত। বাৰ বৈষ্ণৱৰ স্থানত এইবাৰ পুনৰ জয়লাভ কৰিব বুলি আত্মবিশ্বাসী হৈ আছে প্ৰেম বৰা। বিজেপি চৰকাৰৰ কাম কাজত মুঠেই সন্তুষ্ট নহয় বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকী। নাম নলোৱাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়ে। ৯১ বছৰীয়া প্ৰেমধৰ বৰাই ইতিমধ্যে ঘৰে ঘৰে চলাইছে প্ৰচাৰ অভিযান।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|