আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আজিৰ দিনটোতে EVMত বন্দী হ'ব বহু হাই প্ৰফাইল নেতাৰ ভাগ্য। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈলৈকে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈকে আজিৰ দিনটোতে বন্দী হ'ব ভাগ্য।
কোন হেভিৱেইট প্ৰাৰ্থীয়ে কোন সমষ্টিৰ পৰা কৰিছে প্ৰতিদ্বন্দ্বিতা?প্ৰথাম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে হ'বলগীয়া ভোটগ্ৰহণত সামৰি লোৱা হৈছে নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাক। কাইলৈ ভাগ্য নিৰ্ণয় হ'ব-
- মাজুলী সমষ্টিত- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
- গহপুৰ সমষ্টিত- প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা
- দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টি- লুৰিণজ্যোতি গগৈ
- শিৱসাগৰ সমষ্টি- অখিল গগৈ
- যোৰহাট সদৰ- বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী
- ঢকুৱাখনা সমষ্টি- মন্ত্ৰী নৱকুমাৰ দলে।
- বোকাখাট- অতুল বৰা
- গোলাঘাট-অজন্তা নেওগ
ইয়াৰ উপৰিও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে মন্ত্ৰী ৰঞ্জিত দত্ত, মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষাণ, কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰা, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, অজাপৰ নেতা জগদীশ ভূঞাৰো ভাগ্য EVMত বন্দী হ'ব।
উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া।
এইবাৰ কোৰোণাৰ ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বহু নীতি-নিয়মৰ মাজেৰে সম্পন্ন হব ভোটদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮১,০৯,৮১৫ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৬৪গৰাকী ভোটাৰৰ ভাগ্য। ইয়াৰে ভিতৰত ৪০,৭৭,২১০গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৪০,৩২,৪৮১গৰাকী মহিলা ভোটাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|