হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে আজি বঙাইগাঁৱত চমক দেখুৱালে অগপ নেতা তথা ফণীভূষণ চৌধুৰী (Phanibhushan Choudhury)য়ে৷ অসম গণ পৰিষদ (AGP)ৰ দুৰ্গখ্যাত বঙাইগাঁৱ (Bongaigaon)ত আজিৰ জনসমাগমে পুনৰ ফণীভূষণ চৌধুৰী জয় যে প্ৰায় নিশ্চিত সেয়া প্ৰমাণ কৰিলে৷
বিগত ৩৫ বছৰ ধৰি বিধায়ক হৈ একপ্ৰকাৰ অসমৰ ৰাজনীতিত অভিলেখ স্থাপন কৰিছে ফণীভূষণ চৌধুৰীয়ে৷ এইবাৰো বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে নেতাজনে৷ লগতে অসমত এইবাৰ অগপই ভাল ফলাফল দেখুৱাব বুলি দাবী কৰে চৌধুৰীয়ে৷
আনহাতে, বঙাইগাঁৱত কংগ্ৰেছে আৰম্ভ কৰা “খেলা হবে” মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে চৌধুৰীয়ে কয় যে শক্তিশালী দলে শক্তিশালী দলৰ লগতহে খেলি ভাল পায় বা দৰ্শকে আমোদ পায়৷ কিন্তু বঙাইগাঁৱত শক্তিশালী দল অগপৰ লগত এটা অতি দুৰ্বল দলহে আছে৷ গতিকে কোনো খেল নহয় ইয়াত৷ ফণীভূষণ চৌধুৰীয়ে আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বঙাইগাঁও জিলাৰ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|