জমি উঠিছে লখিমপুৰ! প্ৰাৰ্থীত্ব নিশ্চিত নৌহওতেই আৰম্ভ হৈছে বিসম্বাদ! কংগ্ৰেছ-বিজেপি সকলোৰে একেই দশা!

News18 Assam | News18-Assam
Updated:February 3, 2021, 8:02 PM IST
জমি উঠিছে লখিমপুৰ! প্ৰাৰ্থীত্ব নিশ্চিত নৌহওতেই আৰম্ভ হৈছে বিসম্বাদ! কংগ্ৰেছ-বিজেপি সকলোৰে একেই দশা!
বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে প্ৰাৰ্থিত্বপ্ৰত্যাশী সকলৰ মাজত তৎপৰতা ৷

বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে প্ৰাৰ্থিত্বপ্ৰত্যাশী সকলৰ মাজত তৎপৰতা ৷

  • Share this:
বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে প্ৰাৰ্থিত্বপ্ৰত্যাশী সকলৰ মাজত তৎপৰতা ৷ কোনোৱে যদি দলীয় সভাত টিকট নিশ্চিত বুলি দম্ভ মাৰিছে আন কোনোৱে আকৌ হাইকামাণ্ডক পতিয়ন নিয়াবলৈ কৰিছে অবিৰত চেষ্টা।

আভ্যন্তৰীণ কন্দলত জৰ্জৰিত কংগ্ৰেছ দলৰ স্থিতি লখিমপুৰত কিছু শক্তিশালী যদিও শীৰ্ষস্থানীয় দুয়োজন নেতা তথা দুয়োগৰাকী প্ৰধান প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত ক্ৰমাত্‍ বাঢ়িছে দুৰত্ব।

প্ৰাক্তন কংগ্ৰেছী বিধায়ক ঘন বুঢ়াগোহাঁইয়ে ২০১১ চনৰ বিধানসভা নিৰ্বাচনত মাত্ৰ এহেজাৰ ভোটৰ ব্যৱধানত অগপৰ উৎপল দত্তৰ হাতত পৰাজিত হৈ ২০১৬ৰ নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈ অৱতীৰ্ণ হৈছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৷  আৰু সেয়াই আছিল ২০১৬ত লখিমপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয় প্ৰকাশ দাসে পৰাজয়বৰণ কৰাৰ প্ৰধান কাৰণ। ভোট বিভাজনৰ ফলত জয়ী হৈছিল অগপ প্ৰাৰ্থী উৎপল দত্ত।

এইবাৰ পুনৰ জয়প্ৰকাশ দাসে আপ্ৰাণ চেষ্টা কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ। জয়প্ৰকাশ দাসে এইবাৰ আশা কৰিছে যে, ঘন বুঢ়াগোহাঁইয়ে এইবাৰ তেওঁক সহযোগ কৰিব।

অন্যহাতে প্ৰাৰ্থীত্বৰ যুঁজ জমি উঠিছে বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীত্বপ্ৰত্যাশীসকলৰ মাজত। বিধায়ক উৎপল দত্তৰ আশা এইবাৰো মিত্ৰজোঁটে তেওঁকে দিব প্ৰাৰ্থীত্ব। কোনো পধ্যেই বিজেপিক সমষ্টি এৰি দিবলৈ সন্মত নহয় লখিমপুৰ সদৰ সমষ্টিৰ বিধায়কগৰাকী।

কিন্তু এইবাৰ বিজেপিয়ে কোনো কাৰণত অগপক এৰি দিব বিচৰা নাই লখিমপুৰ সমষ্টি। লখিমপুৰ সমষ্টিত ইতিমধ্যে বিজেপিয়ে ব্য়াপক ৰূপত অব্যাহত ৰাখিছে সাংগঠনিক কাম-কাজ। জিলা সভাপতি ফণী বৰুৱা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মানব ডেকা, বিজেপি নেতা জগদীশ দত্তৰ লগতে শিক্ষাবিদ ৰুক্ম বৰগোহাঁই, মুকুল বৰা আদিৰ দৰে নেতাই এতিয়া সমষ্টিৰ বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি বিজেপিৰ টিকটৰ প্ৰবল দাবীদাৰ বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
Published by: Himangshu Bhuyan
First published: February 3, 2021, 8:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি