অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই বুধবাৰে নিবাচন নেখেলাৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিলে দিছপুৰ (Dispur) সমষ্টিৰ বিজেপিৰ টিকট বঞ্চিত জয়ন্ত দাসে (Jayanta Das)৷ প্ৰায় ৩০ বছৰ ধৰি বিজেপিৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে জয়ন্ত দাস খুবেই জনপ্ৰিয় দিছপুৰ সমষ্টিবাসীৰ মাজত৷ প্ৰায়ে সমষ্টিবাসীৰ সুখ–দুখৰ সমভাগী আছিল জয়ন্ত দাস৷ সকলোৱে আশা কৰিছিল আগন্তক বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা শাসকীয় দলৰ হৈ টিকট লাভ কৰিব জয়ন্ত দাসে৷ কিন্তু শেষ মুহূৰ্তত জয়ন্ত দাসক বঞ্চিত কৰি দিছপুৰ সমষ্টিৰ টিকট প্ৰদান কৰা হ’ল পূৰ্বৰ বিধায়ক অতুল বৰা (Atul Borah)ক৷
অতুল বৰাক দলীয় টিকট প্ৰদান কৰাৰ পিছতে দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি জয়ন্ত দাসে নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছিল৷ যাৰ বাবে মঙলবাৰে ৰুক্মিণীগাঁৱত এক জনসভা আয়োজন কৰিছিল জয়ন্ত দাসে৷ য’ত দিছপুৰ সমষ্টিৰ বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মীসকলক মাতি অনা হৈছিল৷
এই জনসভাতে প্ৰতিজন কাৰ্যকৰ্তাই জয়ন্ত দাসক নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ দিছিল৷ বিজেপি কৰ্মীসকলৰ এই প্ৰস্তাৱক সঁহাৰি জনাই জয়ন্ত দাসে এদিনৰ সময়সীমা বিচাৰিছিল৷
জয়ন্ত দাসৰ এই ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰী সোণোৱাল (Sarbananda Sonowal) আৰু হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ফোনযোগে জয়ন্ত দাসক নিৰ্বাচনত অৱতীৰ্ণ নহ’বলৈ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ মাতি পঠাইছিল৷ মুখ্যমন্ত্ৰীৰে আলোচনাৰ পিছতে বুধবাৰে বিয়লি নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত জয়ন্ত দাসে আনুষ্ঠানিকভাৱে ঘোষণাৰ পিছতে সমৰ্থকসকলে ঘেৰাও কৰে জয়ন্ত দাসৰ ঘৰ ৷
প্ৰায় ১০ হাজাৰ লোকৰ স্বাক্ষৰ লৈ সমৰ্থকসকলে বুধবাৰে সন্ধিয়াৰ ভাগত জয়ন্ত দাসৰ ঘৰ ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জয়ন্ত দাসে দলীয় সমৰ্থকলকলক আলোচনাৰ মাজেৰে বুজোৱাৰ চেষ্টা চলায়৷ দলীয় নেতৃত্বৰ প্ৰতি সঁহাৰি জনাই নিৰ্দলীয় হিচাপে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা দলীয় কৰ্মীসকলক অৱগত কৰে৷ প্ৰতিদ্বন্দ্বিতা নকৰিলেও দল হিচাপে বিজেপিক সহায় কৰিব যদিও অতুল বৰাক সহায় নকৰো বুলি মন্তব্য কৰে জয়ন্ত দাসে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|