BJPৰ মহাশক্তিশালী নেতা তথা জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী হিচাপে থিয় কৰাইছে ৰমেন বৰঠাকুৰক ৷ ৰমেন বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ কেতবোৰ টিপছ ব্যৱহাৰ কৰিব ৷ কিন্তু সেই টিপছৰ কথা সংবাদমাধ্যত খুলি নকয় তেওঁ।
BJPৰ হেভীৱেইট প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত ডঃ হিমন্ত বিশ্ব শৰ্মা ২০০১ৰ পৰা জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিনিধি নিৰ্বাচিত হৈ আহিছে। সেয়েহে সকলোৰে চকু থাকে জালুকবাৰী সমষ্টিত ৷ মহা শক্তিশালী মন্ত্ৰী হিমন্তৰ এই জালুকবাৰীতেই এইবাৰ কংগ্ৰেছে প্ৰক্ষেপ কৰিছে ৰমেন বৰঠাকুৰক ৷ ৰমেন বৰঠাকুৰক আগত লৈ কংগ্ৰেছে দেখিছে জালুকবাৰী দখলৰ সপোন ৷ পিছে এয়া কংগ্ৰেছৰ বাবে মহা অংক নে আন কিবা সেয়া এই মুহূৰ্তত জানিব পৰা নাযায় ৷ কিন্তু কংগ্ৰেছৰ পৰা টিকট পাই ৰমেন বৰঠাকুৰে ক'লে- "এইবাৰ জালুকবাৰীত হিমন্ত বনাম ৰমেনৰ যুঁজ নহয়; হ'ব কংগ্ৰেছ বনাম BJPৰহে যুঁজ ৷” পিছে শক্তিমান হিমন্ত বিশ্ব শৰ্মাক ভোট যুদ্ধত পৰাজয় কৰিব পাৰিবনে কংগ্ৰেছী ৰমেন বৰঠাকুৰে? এই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত ৰমেন বৰঠাকুৰে ক'লে- “হিমন্তক পৰাভূত কৰাৰ টিপছ মোৰ হাতত আছে ৷ সমষ্টিবাসীৰ সৈতে মই ইতিমধ্যে কথা পাতিছো ৷ কিন্তু সেই টিপছ মই সংবাদমাধ্যৰ সন্মুখত প্ৰকাশ নকৰো ৷”