உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : দুধনৈত হাঁহি–ধেমালিৰে নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্বৰ, হাঁহি বিচৰা ভাগিনক ‘মামা’ৰ উত্তৰ – হাঁহিলে দিব লাগিব ফাইন

    Assam-Assembly : দুধনৈত হাঁহি–ধেমালিৰে নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্বৰ, হাঁহি বিচৰা ভাগিনক ‘মামা’ৰ উত্তৰ – হাঁহিলে দিব লাগিব ফাইন

    মন্ত্ৰীগৰাকীয়ে ক’লে যে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ দিয়াৰ দিনাখন মহিলাসকলে খুৱাব লাগিব পিঠা আৰু লাড়ু।

    মন্ত্ৰীগৰাকীয়ে ক’লে যে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ দিয়াৰ দিনাখন মহিলাসকলে খুৱাব লাগিব পিঠা আৰু লাড়ু।

    মন্ত্ৰীগৰাকীয়ে ক’লে যে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ দিয়াৰ দিনাখন মহিলাসকলে খুৱাব লাগিব পিঠা আৰু লাড়ু।

    • Share this:
    তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনা দুধনৈৰ ধনুভাঙাত হিমন্ত বিশ্ব শৰ্মাক দেখা গ’ল ব্যতিক্ৰমী ৰূপত৷ প্ৰচাৰ সভাত উপস্থিত হৈয়ে খবৰ ল’লে ৰাইজৰ৷ একপ্ৰকাৰ হাঁহি–ধেমালিৰে নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰীগৰাকীয়ে। তাৰ মাজতে এজনে চিঞৰিলে “মামা এবাৰ হাঁহি দিয়ক”। মামাৰ উত্তৰ- ‘‘হাঁহিলে ফাইন দিব লাগিব ৷”

    ৩৬নং দুধনৈ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভাৰ হৈ ধনুভাঙাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখা গ’ল ব্যতিক্ৰমী ৰূপত৷ মন্ত্ৰীগৰাকীক সাধাৰণতে প্ৰতিখন নিৰ্বাচনতে কংগ্ৰেছ, এ আই ইউ ডি এফৰ প্ৰতি আক্ৰমণাত্মক হোৱা দেখা যায় যদিও আজি দুয়োটা দলক মূলত আক্ৰমণৰ লক্ষ্য হিচাপে নলৈ মহিলাসকলৰ লগত, যুৱক-যুৱতী সকলৰ মাজত ৰসাল বাৰ্তালাপ কৰাহে দেখিবলৈ পোৱা গ’ল।

    আনহাতে, মন্ত্ৰীগৰাকীয়ে ক’লে যে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ দিয়াৰ দিনাখন মহিলাসকলে খুৱাব লাগিব পিঠা আৰু লাড়ু। নুখুওৱালৈকে এৰি নিদিয়াৰ কথাও ক’লে মন্ত্ৰীগৰাকীয়ে ৷ লগতে ৰাইজৰ প্ৰশ্নৰো উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ। ৰাইজৰ প্ৰশ্ন- “ চাকৰি কৰা ল’ৰা-ছোৱালীয়ে যদি মাক-দেউতাকক নাচায় তেন্তে শাস্তি কি হ’ব?’’ হিমন্ত বিশ্বৰ উত্তৰ - ‘‘শাস্তিও আছে, চাকৰি কৰা সন্তানৰ দৰমহা কাটি দিয়া হ’ব পিতৃ-মাতৃক৷”

    অৱশ্যে নিৰ্বাচনী সভাখনত মন্ত্ৰীগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী দীপক ৰাভাক তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয়৷ দীপক ৰাভাৰ প্ৰতিক চিহ্ন হেলিকপ্টাৰ হোৱাৰ বাবে তিওঁ কয়-  ‘‘আমিহে হেলিকপ্টাৰ লৈ ফুৰো দীপক ৰাভাই ক’ত হেলিকপ্টাৰ চলাব।’’

    আনহাতে নিৰ্বাচন নেখেলিবলৈ আহ্বান জনোৱাৰ উদ্দেশ্যে বাৰম্বাৰ ফোন কৰিছিল যদিও দীপক ৰাভাই ফোনেই ৰিচিভ নকৰিলে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয়, “মই মন্ত্ৰী হৈ আছো, মানুহে মোক জানে, মোকহে মানুহে ফোন কৰে কিন্তু মই ফোন কৰিও কোনো উত্তৰ নাপালোঁ৷’’

    দীপক ৰাভা কংগ্ৰেছৰ মানুহ বুলিও কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷ দুধনৈ সমষ্টিৰ ৰাইজক পদুম ফুলত ভোট দি শ্যমজিত ৰাভাক জয়যুক্ত কৰিবলৈ আহ্বান জনায়।
    Published by:Sanjay Kumar Das
    First published: