‘‘এতিয়াৰে পৰা অসমত আৰু কোনেও Loanৰ টেনছন ল'ব নালাগে। আপোনালোকৰ টেনছন মই লৈছো।’’ – ৰহাত অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ।
নাচি–বাগি ৰহাত ভোট বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই। দিলে ফ্লায়িং কিছ। মুঠতে বিজেপিক ভোট দিয়ক, সকলো কৰিব হিমন্ত বিশ্বই। আত্মসহায়ক গোটৰ ছোৱালীলৈ দৰাও বিচাৰিব মন্ত্ৰীগৰাকীয়ে। ডিগ্ৰী আৰু পিজি পাছ কৰা ছোৱালীকো দিব স্কুটী। পিছে ল'ৰাক বুলেট দিয়া প্ৰসংগত হিমন্ত বিশ্বৰ চৰ্ত, "বুলেট দিম কিন্তু ভণ্টিকহে উঠাবি, সেইবিধ উঠাব নোৱাৰিবি।"
আনহাতে, কংগ্ৰেছ (Congress)ৰ ৫ গেৰাণ্টিক কটাক্ষ কৰি হিমন্ত বিশ্বই ক'লে, মই গেৰাণ্টি নিদিওঁ, কাৰণ দোকানীয়েহে মালৰ গেৰাণ্টি দিয়ে। কিন্তু আমাৰ চৰকাৰ আহিলে ২০২২ৰ ভিতৰত ১লাখ নিবনুৱাক চাকৰি দিম, অৰুণোদয় আঁচনিৰ ধন ৮৩০টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰিম।
উল্লেখযোগ্য আজিৰ সভাত অগপৰ নগাঁও জিলা সমিতিৰ নেতৃত্বৰ লগতে বিধায়ক ডিম্বেশ্বৰ দাস, প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই আৰু ৰহাৰ অগপ প্ৰাৰ্থী বিষ্ণু দাস উপস্থিত থাকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|