মৰিয়নী (Mariani)ত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ। চলিছে নেতাৰ মুখচুপতি। কেইদিনমান পূৰ্বে মৰিয়নীত পদযাত্ৰা কৰি BJP প্ৰাৰ্থী ৰমণী তাঁতী (Ramani Tanti)ৰ হৈ প্ৰচাৰ চলাই ৰূপজ্যোতিৰ দুৰ্গত একপ্ৰকাৰ কঁপনি তুলিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। ৰূপজ্যোতিৰ কৰ্মকাণ্ডক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল মন্ত্ৰীগৰাকীয়ে।
এই পদযাত্ৰাত মৰিয়নীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছিল কেইবাহাজাৰ লোকৰ সমাৱেশ। ইয়াৰ পিছতে শনিবাৰে মৰিয়নীত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী (Rahul Gandhi)য়ে ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাতো দহ সহস্ৰাধিক লোকৰ সমাৱেশ ঘটে। এই সভাতে ৰাহুল গান্ধীৰ সন্মুখত ৰূপজ্যোতি কুৰ্মীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰি কয়, "মৰিয়নীত স্মৃতি ইৰাণী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাত মাত্ৰ ২৫০০ মান মানুহ হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীলৈ অন্য ঠাইৰ পৰা মানুহ অনা হৈছিল। কেৱল মৰিয়নীৰ দুহাজাৰ মানুহ হিমন্ত বিশ্বৰ সভাত গোটাই দেখুৱাওক। মই চেলেঞ্জ কৰিছো।"
বিধায়ক ৰূপজ্যোতিৰ এই চেলেঞ্জৰ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰিছিল। মন্ত্ৰীগৰাকীয়ে ফেচবুক পোষ্টত ৰূপজ্যোতিৰ ফটো আৰু নিজৰ মনোনয়ন প্ৰদানৰ দিনা লক্ষাধিক লোকৰ সমাগৰ এটা ভিডিঅ' সংলগ্ন কৰি ৰূপজ্যোতিক কটাক্ষ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত বিধায়ক ৰূপজ্যোতিয়েও ফেচবুকত পোষ্ট দিলে। "মই বুজি পোৱা নাই এগৰাকী ক্ষমতাশালী মন্ত্ৰীয়ে মোৰ এষাৰ কথাত ইমান কিয় অধৈৰ্য হৈ পৰিছে। ২০ বছৰ কাল ক্ষমতাত থাকিও মৰিয়নীত সভা কৰিবলৈ বাহিৰৰ পৰা মানুহ আনিবলগীয়া হ'ল। তাতো ৪- ৫ হাজাৰতকৈ অধিক মানুহ নহ'ল। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা Video clip দি তেওঁ কি প্ৰমাণ কৰিব খুজিছে!"
ছচিয়েল মিডিয়াত চলি থকা এই যুঁজখনৰ মাজতে এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মৰিয়নীৰ চেলেংহাট হেমলাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ আজি পুনৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে। আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ সভাত দহ সহস্ৰাধিক লোকৰ সমাগম হ'ব বুলি জানিবলৈ দিয়ে মৰিয়নীৰ বিজেপি নেতৃত্বই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|