বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰী গভাইত ডকাইত আছিল। নিষিদ্ধ ঘোষিত সংগঠন বিএলটিত থাকোতে কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত হাগ্ৰামা মহিলাৰীয়ে নিতৌ ডকাইতি কৰিছিল। এই অভিযোগ উত্থাপন কৰে এসময়ৰ UPDSৰ দুধর্ষ নেতা তথা বৰ্তমানৰ বিজেপি সাংসদ হৰেনছিং বেই।
সাংসদ হৰেনছিং বেৰ মতে, উগ্ৰপন্থীত থাকোতে হাগ্ৰামাই কাৰ্বি আংলঙৰ লাংহিন, ফুলনি, বকলীয়া অঞ্চলত ডকাইতি কাৰ্য সংঘটিত কৰিছিলে। সেই কথা পিছলৈ হাগ্ৰামাই নিজে স্বীকাৰ কৰাৰ কথাও উল্লেখ কৰে হৰেনছিং বেই।
বিটিচিৰ পৰা খেদা খোৱা নেতা হাগ্ৰামা মহিলাৰীৰ কথা কাৰ্বি পাহাৰৰ বড়ো ৰাইজে নুশুনে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ডিফু লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে। ডিফু, হাওৰাঘাট, বোকাজান, বৈঠালাংছো আৰু হাফলঙত বিজেপি প্ৰাৰ্থী জয় হ'ব বুলিও কয় সাংসদ গৰাকীয়ে। ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ছুম ৰংহাঙক সোণোৱাল মন্ত্ৰী সভাৰ ব্যৰ্থ মন্ত্ৰী আখ্যা দিয়ে হৰেনছিং বেই। সাংসদগৰাকীয়ে আটাইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থীৰ জয় দাবী কৰিলেও পাহাৰৰ হাফলং আৰু ডিফু সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|