உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly: ২ মে'ত বিজেপিৰ শ্ৰাদ্ধ পাতিব হাগ্ৰামা মহিলাৰীয়ে, কাকীত নিৰ্বাচনী প্ৰচাৰ চলাই দিলে হুংকাৰ

    Assam-Assembly: ২ মে'ত বিজেপিৰ শ্ৰাদ্ধ পাতিব হাগ্ৰামা মহিলাৰীয়ে, কাকীত নিৰ্বাচনী প্ৰচাৰ চলাই দিলে হুংকাৰ

    প্ৰায় তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে ভাষণত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী জনক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।

    • Share this:
    লামডিং সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী স্বপন কৰৰ হৈ শুকুৰবাৰে সমষ্টিটোৰ কাকী দিমৰুপথাৰত হাগ্ৰামা মহিলাৰী, সাংসদ প্ৰদ্যুত্‍ বৰদলৈ, জমিয়তৰ সভাপতি মুস্তাক আনফৰে নিৰ্বাচনী প্ৰচাৰ চলায় ।

    প্ৰায় তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে ভাষণত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী জনক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। সভাৰ শেষত সংবাদ মাধ্যমৰ লগত হোৱা মুখামুখিত হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে, 'এইবাৰ দিছপুৰৰ পৰা হিমন্ত আউট আৰু হাগ্ৰামা ইন হ'ব। কংগ্ৰেছ মহাজোঁটে ৭০ খনতকৈ অধিক আসন পোৱাৰ বিপৰীতে বিজেপিয়ে পাব ২৫ ৰ পৰা ৩০ খন আসন।'

    অন্যহাতে নিৰ্বাচনী সভাত বিটিচি প্ৰধান প্ৰমোদ বড়োলৈয়ো তীব্ৰ বাক্যবান নিক্ষেপ কৰে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাই কয় যে,  প্ৰমোদ বড়ো হৈছে এটা বেপাৰী। অসমৰ বিষয়ে প্ৰমোদ বড়োৱে একো নাজানে। দিল্লীত বড়ো জাতিক বিক্ৰী কৰি আহিছে।' ইপিনে ২ মেৰ দিনা বিজেপিৰ শ্ৰাদ্ধ অনুষ্ঠিত হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।
    Published by:Himangshu Bhuyan
    First published: