ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ তুংগত উঠিছে ৷ এইবাৰ দুই নেতাৰ ভিতৰত কোন জন শক্তিশালী তাকেই ক’ব বিচাৰিলে হাগ্ৰামাই ৷ আজি বৰছলা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আৰ পি শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসংগত পুনৰ কটাক্ষ কৰিলে হিমন্ত বিশ্বক৷
কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰীয়ে কয় যে, 'নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মা বিদেশ ভ্ৰমণলৈ যাব ৷ নিৰ্বাচনত বিজেপি পৰাস্ত হ'ব ৷ চৰকাৰ বনাব নোৱাৰে বিজেপিয়ে। সেইবাবে হিমন্তই লাজত নিৰ্বাচনৰ পিছতেই বিদেশলৈ যাব। হিমন্তৰ বিদেশত বহু সম্পত্তি আছে ৷ আমেৰিকা, লণ্ডন আদি ঠাইতো আছে সম্পত্তি ৷'
হাগ্ৰামী মহিলাৰীয়ে লগতে কয় যে, 'হিমন্ত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে ৷ হিমন্ততকৈ মই জ্যেষ্ঠ, গতিকে মোৰ পিছতহে তেওঁৰ সুবিধা ৷ হিমন্ত কংগ্ৰেছলৈ আহিবলৈ সুযোগ মিলাই আছে। কিন্তু আমি তেওঁক আহিবলৈ নিদিও। হিমন্তই ভিতৰি ভিতৰি কংগ্ৰেছ কৰি আছে ৷ বিজেপিৰ মানুহে সেইটো বুজিব পৰা নাই ৷ হিমন্তই মোৰ লগত কেতিয়াও নোৱাৰে ৷'
বিচিটি নিৰ্বাচনৰ প্ৰসংগ টানি আনি হাগ্ৰামা মহিলাৰীয়ে কয় যে, 'বিটিচি নিৰ্বাচনত মোৰ লগত নোৱাৰিলে হিমন্তই ৷ বিটিচিত আমিয়েই জিকিছো ৷ প্ৰমোদৰ লগ লাগি তেওঁলোকে চৰকাৰ বনালেও পুনৰ বিটিচিত আমাৰেই চৰকাৰ হ'ব।'
সভাত বৰছলা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মা, শিল্পী বিপুল ৰাভায়ো ভাষণ প্ৰদান কৰে ৷ সভাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডি, ফ্ৰেছ মুছাহাৰী, শোণিতপুৰ জিলা কংগ্ৰেছ কমিটীৰ উপ-সভাপতি দ্বীপেন বৰা, বিপিএফৰ শোণিতপুৰ জিলা কমিটীৰ সভাপতি সত্যনাথ ব্ৰহ্ম, বৰছলা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কমিটীৰ সভাপতি অনাথবন্ধু গুহৰায়, বৰছলা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি হীৰেণ সেন, কংগ্ৰেছৰ সংখ্যালঘু কোষৰ ব্লক সভাপতি নুৰুল আহমেদ আদিৰ লগতে দুই সহস্ৰাধিক লোক উপস্থিত থাকে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|