২৭ মার্চ, ১ এপ্রিল আৰু ৬ এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন, কোন সমষ্টিত কোন তাৰিখে ভোটগ্ৰহণ? জানি লওক

২ মে’ত হ’ব আটাইকেইটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগণনা।
২ মে’ত হ’ব আটাইকেইটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগণনা।
- News18 Assam
- Last Updated: February 26, 2021, 7:28 PM IST
অসমত ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত হ’ব ভোটগ্ৰহণ। ২৭ মাৰ্চত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৯টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৬ এপ্ৰিলত। তৃতীয় পৰ্যায়ত ৪০টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ২ মে’ত হ’ব ভোটগণনা।
কোন সমষ্টিত কোন পৰ্যায়ত ভোটগ্ৰহণ হ’ব?
অধিসূচনাৰ তাৰিখ ২ মার্চ, মনোনয়নৰ অন্তিম দিন ৯ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ দিন ১২ মার্চ। ভোটদানৰ দিন ২৭ মার্চ, ভোটগণনা ২ মে’।
দ্বিতীয় পৰ্যায়ত ৩৯টা সমষ্টিত হ’ব ভোটগ্ৰহণ। এই সমষ্টিসমূহ হ’ল – ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ-পূব, কৰিমগঞ্জ-দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোণাই, ঢলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা, কাটিগড়া, হাফলং, বোকাজান, ডিফু, বৈঠলাংছ’, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, ওদালগুৰি, মাজবাট, কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ, দলগাঁও, জাগীৰোড, মৰিগাঁও, লাহৰিঘাট, ৰহা, নগাওঁ, বৰহমপুৰ, যমুনামুখ, হোজাই, লামডিং।
অধিসূচনাৰ তাৰিখ ৫ মার্চ, মনোনয়নৰ অন্তিম দিন ১২ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ দিন ১৭ মার্চ। ভোটগ্ৰহণৰ দিন ১ মার্চ আৰু ২ মাৰ্চত ভোটগণনা।
দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু বৰক্ষেত্ৰী
অধিসূচনাৰ তাৰিখ ১২ মার্চ, মনোনয়নৰ অন্তিম দিন ১৯ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ দিন ২২ মার্চ। ভোটদানৰ দিন ৬ এপ্ৰিল আৰু ভোটগণনা ২ মে’ত হ’ব।