'২ মে'ত দিনতে ভোট গণনা শেষ কৰক'- আয়োগৰ নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধী মহাজোঁটৰ

News18 Assam | News18-Assam
Updated:April 25, 2021, 7:03 PM IST
'২ মে'ত দিনতে ভোট গণনা শেষ কৰক'- আয়োগৰ নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধী মহাজোঁটৰ
ভোটগণনাৰ পূৰ্বে দেওবাৰে নিৰ্বাচন আয়োগৰ CEOক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটৰ প্ৰতিনিধি দলে।

ভোটগণনাৰ পূৰ্বে দেওবাৰে নিৰ্বাচন আয়োগৰ CEOক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটৰ প্ৰতিনিধি দলে।

  • Share this:
২ মে'ৰ হ'ব অসম বিধানসবা নিৰ্বাচনৰ ভোটগণনা। ভোটগণনাৰ পূৰ্বে দেওবাৰে নিৰ্বাচন আয়োগৰ CEOক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটৰ প্ৰতিনিধি দলে।

মুখ্য নিৰ্বাচনী আয়োগক আগন্তুক ভোটগণনা যাতে নিৰপেক্ষ আৰু নিকা হয়, সেই দিশত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। লগতে আয়োগৰ নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে তৎকালীন ভাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাই বিৰোধী মহাজোঁটৰ প্ৰতিনিধি দলে।

ৰিপুণ বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ দলটোৱে ২ মে'ত দিনৰ ভাগতে ভোট গণনা শেষ কৰিবলৈও আহ্বান জনাই নিৰ্বাচন আয়োগক।

নিৰ্বাচন আয়োগৰ CEOক সাক্ষাতৰ বাবে যোৱা দলটোত আছিল কংগ্ৰেছৰ ৰিপুণ বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, ৰূপজ্যোতি কুৰ্মী, কমলক্ষ দেব পুৰকায়স্থ, প্ৰদ্যুৎ ভূঞা,  শৈলেন সোণোৱালৰ লগতে এআইইউডিএফৰ দুই সাধাৰণ সম্পাদক ক্ৰমে, আমিনুল ইছলাম, কৰিমুদ্দিন বৰভূঞা। বিপিএফ আৰু CPI (M) হৈ উপস্থিত তাকে  দূর্গা দাস বড়ো আৰু সুপ্ৰকাশ তালুকদাৰ।
Published by: Himangshu Bhuyan
First published: April 25, 2021, 7:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি