• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনিওটা ৰাজনৈতিক দলৰ সভাপতিৰ বিপদ! পৰাজয়ৰ আশংকাত ৰণজিত্‍-ৰিপুণ-অতুল

তিনিওটা ৰাজনৈতিক দলৰ সভাপতিৰ বিপদ! পৰাজয়ৰ আশংকাত ৰণজিত্‍-ৰিপুণ-অতুল

ইয়াৰ মাজতে বিজেপিৰ পৰা আসন কাঢ়ি দিছপুৰ দখলৰ অংক কৰিছে ৰিপুণ বৰাই !

ইয়াৰ মাজতে বিজেপিৰ পৰা আসন কাঢ়ি দিছপুৰ দখলৰ অংক কৰিছে ৰিপুণ বৰাই !

ইয়াৰ মাজতে বিজেপিৰ পৰা আসন কাঢ়ি দিছপুৰ দখলৰ অংক কৰিছে ৰিপুণ বৰাই !

  • Share this:
ৰাজ্যৰ তিনিওটা মুখ্য ৰাজনৈতিক দলৰ সভাপতিকেইজনৰ ৰাজনৈতিক ভৱিষ্যত কিমান সুৰক্ষিত? ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া এই প্ৰশ্ন সঘনে উচ্চাৰিত হৈছে ৰাজনৈতিক মহলত। পিছে কিয়?

মাজত মাত্ৰ ছটা মাহ। এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন ৷ ২০২১ৰ নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলেই তৈয়াৰ কৰিছে ৰণকৌশল ৷ কিন্তু ইয়াৰ মাজতে এতিয়া বিপদত পৰিছে ৰাজ্যৰ তিনিওটা মুখ্য ৰাজনৈতিক দল। তিনিওটা দলৰে সভাপতিৰ বিৰুদ্ধে চলিছে বিদ্ৰোহ। আনকি নিজ নিজ সমষ্টিতে এতিয়া সুৰক্ষিত নহয় তিনিওজন সভাপতি।

ৰাজনৈতিক বিশ্লেষণ আৰু সমষ্টিৰ ভোটাৰৰ মনোভাৱ বিশ্লেষণ কৰিলে দেখা যায় যে, শাসকীয় বিজেপিৰ সভাপতি ৰণজিত্‍ দাসৰ অৱস্থা থৰকবৰক ৷ সৰভোগ সমষ্টিত গণভিত্তি হেৰুৱাইছে ৰণজিত্‍ দাসে ৷ কংগ্ৰেছ-AIUDFৰ মিত্ৰতাই আউল লগাইছে BJPৰ সভাপতি ৰণজিত্‍ দাসক ৷ লগতে বিগত চাৰি বছৰে BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে চলি থকা বাদ-বিবাদত বড়ো ভোটৰ পৰাও বিচ্ছিন্ন হোৱাৰো পূৰ্ণ সম্ভৱনা আছে ৰণজিত্‍ দাসৰ ৷

একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ অৱস্থাও অথৈবচ ৷ গহপুৰ সমষ্টি সুৰক্ষিত নহয় ৰিপুণ বৰাৰ বাবে ৷ সেই হিচাপত সহজে জয়ী হ'বলৈ ৰিপুণ বৰাই বিচাৰিছে নাওবৈছা সমষ্টি ৷ নাওবৈছাৰ AIUDFৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীক এতিয়া অন্য সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব দিবলৈ AIUDFৰ নেতৃত্বক হেঁচা দিছে ৰিপুণ বৰাই।মহাজোঁটবন্ধনৰ মিত্ৰ দল AIUDFৰ হাতত থকা নাওবৈছা সমষ্টিটো বিচাৰিছে ৰিপুণ বৰাই ৷

এই দুই সভাপতিৰ দৰে অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ অৱস্থাও একে ৷  নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত অসম গণ পৰিষদে লোৱা স্থিতিৰ পিছতে এতিয়া সমষ্টিত ভেটি কঁপিছে অগপৰ সভাপতিগৰাকীৰ। ৰাজনৈতিক বিশ্লেষকৰ দাবী- গণ বিচ্ছিন্ন হোৱাৰ দিশত অগপ সভাপতি অতুল বৰা ৷ ২০২১ৰ নিৰ্বাচনত বোকাখাটবাসীয়ে বৰাক যোগ্য উত্তৰ দিবলৈ সাজু ৷

ইয়াৰ মাজতে বিজেপিৰ পৰা আসন কাঢ়ি দিছপুৰ দখলৰ অংক কৰিছে ৰিপুণ বৰাই !

শাসকীয় মিত্ৰজোঁটৰ পৰা ২০২১ৰ নিৰ্বাচনত পোন্ধৰখন আসন কাঢ়ি লোৱাৰ পণ ৰিপুণ বৰাৰ। কিন্তু এই কথা বুজি বিজেপিৰ সভাপতি ৰণজিত্‍ দাসে কয় যে, ‘ৰিপুণ বৰাৰ অংকতেই সকলো স্পষ্ট ৷ তেওঁ কৈছে, আমাৰ মিত্ৰজোঁটৰ পৰা পোন্ধৰখন আসন তেওঁলোকে পাব ৷ এতিয়া হিচাপ চাওক- বিজেপিৰ আছে ৬০খন, অগপৰ আছে ১৪খন আৰু বিপিএফৰ আছে ১২খন আছে ৷ লগত আছে এজন নিৰ্দলীয় বিধায়কো ৷ মুঠ ৮৭ আসন আমাৰ হাতত আছে ৷ ইয়াৰ পৰা যদি কংগ্ৰেছে ১৫খন কাঢ়িও নিয়ে তথাপিও থাকিব ৭২খন আসন ৷ গতিকে আমাৰ চৰকাৰ হোৱাটো নিশ্চিত।’

ৰণজিত্‍ দাসে লগতে কয় যে, ‘কংগ্ৰেছে আসন কাঢ়ি নিয়াটো দূৰৰ কথা, আমি আৰু সাতখন আসন পামহে। নাজিৰা, শিৱসাগৰ, তিতাবৰ, গোলাঘাট, সৰুপথাৰ, ডুমডুমা আৰু মৰিয়নী আমি পাম।’
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি