உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নতুন ৰাজনৈতিক দলৰ প্ৰতি বিপিএফৰ থাকিব সমৰ্থন, লুৰিণ জ্যোতি গগৈৰ ৰাজনৈতিক উত্থান কামনা কৰিলে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই

    নতুন ৰাজনৈতিক দলৰ প্ৰতি বিপিএফৰ থাকিব সমৰ্থন, লুৰিণ জ্যোতি গগৈৰ ৰাজনৈতিক উত্থান কামনা কৰিলে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই

    বিজেপিক আৰু খাতিৰ নকৰে BPFএ ! আসন্ন নিৰ্বাচনত নতুন আঞ্চলিক দলক সমৰ্থন দি  BTC অঞ্চলত বাৰটা বিধানসভা সমষ্টিত অকলে নিৰ্বাচন খেলিব বিপিএফে। 

    বিজেপিক আৰু খাতিৰ নকৰে BPFএ ! আসন্ন নিৰ্বাচনত নতুন আঞ্চলিক দলক সমৰ্থন দি  BTC অঞ্চলত বাৰটা বিধানসভা সমষ্টিত অকলে নিৰ্বাচন খেলিব বিপিএফে। 

    বিজেপিক আৰু খাতিৰ নকৰে BPFএ ! আসন্ন নিৰ্বাচনত নতুন আঞ্চলিক দলক সমৰ্থন দি  BTC অঞ্চলত বাৰটা বিধানসভা সমষ্টিত অকলে নিৰ্বাচন খেলিব বিপিএফে। 

    • Share this:
    নতুন ব্লুপ্ৰিণ্ট লৈ আসন্ন অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু হৈছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF ৷ BTCৰ নিৰ্বাচনত শেষ মুহূৰ্তলৈ অকলে যুঁজা হাগ্ৰামা মহিলাৰীয়ে আসন্ন বিধানসভা নিৰ্বাচনতো অকলে যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ BTCৰ ১২টা বিধানসভা সমষ্টিতে অকলে প্ৰতিদ্বন্দিতা কৰিব BPFএ ৷ এই কথা বৃহস্পতিবাৰে জনালে BPFৰ জ্যেষ্ঠ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।

    মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰক্ষ্মই লগতে কয় যে, প্ৰাক্ নিৰ্বাচনী মিত্ৰতা কোনো দলৰ সৈতে নকৰে BPFএ ৷ প্ৰাক্ নিৰ্বাচনী মিত্ৰতা কৰি এতিয়া অনুসূচনা হৈছে বিপিএফৰ ৷ সেয়েহে নিৰ্বাচনৰ পিছত পৰিবেশ-পৰিস্থিতি চাই সিদ্ধান্ত ল'ব BPFএ ৷

    ইপিনে নতুন আঞ্চলিক দলক একত্ৰিত হ'বলৈ আহ্বান জনাই প্ৰমীলা ৰাণী ব্ৰহ্মই ক'লে- “BTCৰ বাহিৰৰ সমষ্টিত আমি প্ৰতিদ্বন্দিতা নকৰো ৷ বাহিৰৰ সমষ্টিত নতুন আঞ্চলিক দলক সমৰ্থন দিয়াৰ কথাটো আমি সময়ত সিদ্ধান্ত ল'ম ৷ লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক উত্থান হোৱাটো আমি কামনা কৰিছো ৷ জাতীয় সমস্যা সমাধান কৰাত ৰাইজে লুৰিণক সহায় কৰক।”

    BTCৰ ১২টা সমষ্টিত অকলে নিৰ্বাচন খেলাৰ বাবে সাজু হোৱা BPFএ  BTCৰ বাহিৰৰ সমষ্টিসমূহত নতুন আঞ্চলিক দলক সমৰ্থন দিয়াৰ ইংগিত দিলে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ৷
    Published by:Himangshu Bhuyan
    First published: