ভোট গণনাৰ পূৰ্বেই কঠোৰ হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাস ৷ ২৫এপ্ৰিলৰ ভিতৰত ৰণজিত দাসক লাগে চিপৰাঙধাৰীৰ তথ্য ৷ বিজেপিৰ প্ৰত্যেকগৰাকী প্ৰাৰ্থীলৈ ৰণজিত দাসে লিখিছে পত্ৰ ৷
২০২১ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰত্যেকগৰাকী বিজেপি প্ৰাৰ্থীলৈ সভাপতি ৰণজিত দাসে প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰখন ৷ পত্ৰখনৰ যোগেদি গেৰুৱা দলৰ সভাপতিগৰাকীয়ে জানিব বিচাৰিছে, দলীয় দায়িত্বত থাকি কোনে কোনে মাৰিলে চিপৰাং ? ২৫ এপ্ৰিলৰ ভিতৰত প্ৰত্যেক প্ৰাৰ্থীয়ে দিব লাগিব তথ্য ৷
ইতিমধ্যে দলীয় সিদ্ধান্তৰ বিৰুদ্ধে গৈ নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই নিলম্বন হৈছে দিলীপ পাল, লক্ষেশ্বৰ মৰাণকে ধৰি বহু কেইজন নেতা ৷ সকলোবোৰ তথ্য পোৱাৰ পিছত তদন্ত কৰি অনুশাসন কমিটীয়ে ল'ব ব্যৱস্থা।
আনহাতে,সভাপতি গৰাকীৰ স্পষ্ট কথা, বিজেপিয়ে ফলাফলত পাব লেটাৰ বা ডিষ্টিংশ্যন ৷ ৷ আনকি ২৮ এপ্ৰিলত বিজেপিয়ে কিমানখন আসন দখল কৰিব সেই কথা সদৰি কৰিব বুলি জনাই দিয়ে ৰণজিত দাসে।