உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Assembly Election 2021 : বিহপুৰীয়াত ২৮ বছৰীয়া যুৱ প্ৰাৰ্থী অনুপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অভিনেত্ৰী ভ্ৰান্তি মেধীয়ে

    Assam Assembly Election 2021 : বিহপুৰীয়াত ২৮ বছৰীয়া যুৱ প্ৰাৰ্থী অনুপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অভিনেত্ৰী ভ্ৰান্তি মেধীয়ে

    ২৮ বছৰ বয়সতে ৰাজনীতিৰ পথাৰত ভৰি দিয়া যুৱনেতা অনুপ শইকীয়া কম দিনৰ ভিতৰতে সমষ্টিবাসীৰ মাজত অধিক জনপ্ৰিয় হৈ পৰা দেখা গৈছে৷

    ২৮ বছৰ বয়সতে ৰাজনীতিৰ পথাৰত ভৰি দিয়া যুৱনেতা অনুপ শইকীয়া কম দিনৰ ভিতৰতে সমষ্টিবাসীৰ মাজত অধিক জনপ্ৰিয় হৈ পৰা দেখা গৈছে৷

    ২৮ বছৰ বয়সতে ৰাজনীতিৰ পথাৰত ভৰি দিয়া যুৱনেতা অনুপ শইকীয়া কম দিনৰ ভিতৰতে সমষ্টিবাসীৰ মাজত অধিক জনপ্ৰিয় হৈ পৰা দেখা গৈছে৷

    • Share this:
    বিহপুৰীয়া (Bihpuria) সমষ্টিত তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ ভূপেন বৰা (Bhupen Borah), বিজেপিৰ অমিয় ভূঞা (Amiyo Bhuyan), জাতীয় পৰিষদৰ অচ্যুত শইকীয়া (Achyut Saikia)ক প্ৰত্যাহবান জনাই নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ৰাইজৰ দলৰ যুৱ প্ৰাৰ্থী অনুপ শইকীয়া (Anup Saikia)ই। ২৮ বছৰ বয়সতে ৰাজনীতিৰ পথাৰত ভৰি দিয়া যুৱনেতা অনুপ শইকীয়া কম দিনৰ ভিতৰতে সমষ্টিবাসীৰ মাজত অধিক জনপ্ৰিয় হৈ পৰা দেখা গৈছে৷

    সমষ্টিটোৰ যুৱ প্ৰজন্মই যুৱ প্ৰাৰ্থীগৰাকীক আদৰি লোৱা দেখা গৈছে৷ কাৰণ নিৰ্বাচনী সভাসমূহত যুৱ প্ৰজন্মৰ উপস্হিতিয়ে তাকেই প্ৰমাণ কৰে৷ ইতিমধ্যে যুৱ প্ৰাৰ্থী অনুপ শইকীয়াৰ সমৰ্থকক একাংশই মাৰপিট কৰাৰ লগতে যুৱ নেতাগৰাকীৰ সভাক বিপথে পৰিচালিত কৰাৰ বাবে দেহত কংগ্ৰেছৰ পতাকা লগাই কংগ্ৰেছী সমৰ্থক সোমাই যোৱাৰো অভিযোগ উঠিছে। এই কাণ্ডৰ পিছতে যুৱ প্ৰাৰ্থী অনুপ শইকীয়াই কয়, সমষ্টিটোত ৰাইজৰ দলৰ প্ৰভূত্ব দেখি ভয় খাইছে বিৰোধী শিবিৰে৷ যাৰ বাবে তেওঁৰ সমৰ্থকক আক্ৰমণ কৰিয়ে ক্ষান্ত নাথাকি ৰাইজৰ দলৰ নিৰ্বাচনী সভাকো বিপথে পৰিচালিত কৰাৰ চেষ্টা চলালে বিৰোধী শিবিৰে৷

    শেহতীয়াকৈ ভোলাবৰী পঞ্চায়তৰ লগতে সমষ্টিৰ আন বহুকেইটা পঞ্চায়তত একাংশ বিজেপি আৰু অগপৰ কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে। ৰাইজৰ বিপুল সঁহাৰিয়ে ইতিমধ্যে দলটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। সমষ্টিটোৰ পৰা বিজেপি আৰু কংগ্ৰেছক উৎখাত কৰি শক্তিশালী আঞ্চলিক শক্তিক প্ৰতিষ্ঠা কৰি এক সুস্থ বাতাবৰণ গঢ়ি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বিহপুৰীয়াক আগুৱাই লৈ যোৱাৰ স্বপ্ন দেখা মাত্ৰ ২৮ বছৰীয়া অনুপ শইকীয়া এতিয়া বহুতৰ বাবে আশাৰ থল হৈ পৰিছে।

    ইফালে অনুপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত আজি অংশ লয় অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে।কেইবাখনো নিৰ্বাচনী সভাত অংশ লোৱা ভ্ৰান্তি মেধিয়ে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত ৰাইজৰ দলক ভোটদান কৰি দলটোক আগবঢ়াই লৈ যাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। অৱশ্য এই আহ্বানক সমষ্টিবাসী ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেয়া ২ মে’ত স্পষ্ট হ’ব৷
    Published by:Sanjay Kumar Das
    First published: