உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • GMCHৰ অধীক্ষকৰ কাৰ্যালয়তে মনোনয়ন দাখিল কৰিলে অখিল গগৈয়ে, পত্ৰৰ জৰিয়তে অসমবাসীলৈ জনালে ৮টা বিশেষ আহ্বান

    GMCHৰ অধীক্ষকৰ কাৰ্যালয়তে মনোনয়ন দাখিল কৰিলে অখিল গগৈয়ে, পত্ৰৰ জৰিয়তে অসমবাসীলৈ জনালে ৮টা বিশেষ আহ্বান

    মনোনয়ন পত্ৰ দাখিলৰ সময়ত অখিল গগৈয়ে পত্ৰৰ জৰিয়তে অসমবাসীক ৮টা বিশেষ আহ্বান জনায়।

    মনোনয়ন পত্ৰ দাখিলৰ সময়ত অখিল গগৈয়ে পত্ৰৰ জৰিয়তে অসমবাসীক ৮টা বিশেষ আহ্বান জনায়।

    মনোনয়ন পত্ৰ দাখিলৰ সময়ত অখিল গগৈয়ে পত্ৰৰ জৰিয়তে অসমবাসীক ৮টা বিশেষ আহ্বান জনায়।

    • Share this:
    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৯ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। ইতিমধ্যে আজিৰ দিনটোতে বহুকেইগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অখিল গগৈয়েও শিৱসাগৰ সমষ্টিৰ বাবে GMCHৰ অধীক্ষকৰ কাৰ্যালয়তে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত অখিল গগৈয়ে পত্ৰৰ জৰিয়তে অসমবাসীক ৮টা বিশেষ আহ্বান জনায়।



    অখিল গগৈয়ে জনোৱা ৮টা আহ্বানঃ

    ১. ২০২১ৰ নিৰ্বাচনত বিজেপিক বিসৰ্জন দিবলৈ ৰাইজ ওলাই আহক।
    ২. জাতিদ্ৰোহী বিজেপিক পৰাভূত কৰিবলৈ অসমবাসী ৰাইজ সাজু হওত।
    ৩. দেশ বিক্ৰী কৰা বিজেপিক নিৰ্বাচনত শিক্ষা দিয়ক।
    ৪.কা আনি ১ কোটি ৯০ লাখ বাংলাদেশীক আমন্ত্ৰণ জনোৱা বিজেপিক ২০২১ৰ নিৰ্বাচনত হৰুৱাব লাগিব।
    ৫.ভোট দিয়াৰ সময়ত প্ৰতিজন অসমবাসীয়ে কা আন্দোলনৰ ৫ জন শ্বহীদলৈ মনত পেলাওক।
    ৬. মোক কোনোৱে মুছলমান বিৰোধী বুলি অপপ্ৰচাৰ কৰিছে। মই মুছলমান বিৰোধী নহয়। মই সাম্প্ৰদায়িকতাৰ বিৰোধী।
    ৭. বিজেপিয়ে যধে মধে প্ৰাৰ্থীত্ব দি বিহাৰৰ নিৰ্বাচনৰ পুনৰাবৃত্তি নকৰিব। বিজেপিক জিকাত কোনেও সহায় নকৰিব।
    ৮. এতিয়াও সময় আছে, বিৰোধীয়ে বিজেপিক হৰুৱাবলৈ কৌশলগত মিত্ৰতা কৰক।
    Published by:Himangshu Bhuyan
    First published: