মুখ্যপৃষ্ঠা »খবৰ »অসম »আগন্তুক নিৰ্বাচনত ৪০ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ হুংকাৰ অগপৰ, এতিয়া কি কৰিব বিজেপিয়ে?

আগন্তুক নিৰ্বাচনত ৪০ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ হুংকাৰ অগপৰ, এতিয়া কি কৰিব বিজেপিয়ে?

অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অসম গণ পৰিষদ

অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অসম গণ পৰিষদ

অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অসম গণ পৰিষদ

  • Share this:
অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অসম গণ পৰিষদ। ২০২১ত ৰাজ্যত পুনৰ  অগপ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। এই দাবী অসম গণ পৰিষদ দলৰ দুই জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সত্যব্ৰত কলিতাৰ।

অগপৰ দখলত থকা ১৪টা সমষ্টিৰ এটাও এৰি নিদিয়াৰ হুংকাৰ দিলে দলটোৰ দুয়োগৰাকী শীৰ্ষ নেতাই। পবিন্দ্ৰ ডেকা যিহেতু এঅগপৰ পৰা আঁতৰি গ’ল সেয়েহে তেওঁক বাদ দি বাকী ১৩টা সমষ্টিতে বিধায়ক হৈ থকা দলটোৰ জ্যেষ্ঠ বিধায়ক-বিধায়িকা সকলে পুনৰবাৰ দলীয় টিকট লাভ কৰিব বুলি কয় দুয়োগৰাকী বিধায়কে। ইয়াৰ বাহিৰেও অন্য ২৬টা সমষ্টিত অসম গণ পৰিষদে প্ৰতিদ্বন্দিতা কৰিব বুলি কয় অগপৰ নেতৃত্বই।

তাত্‍পৰ্যপূৰ্ণ ভাবে দুয়োগৰাকী নেতাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক অগপৰ অভিভাৱক বুলিও মন্তব্য কৰে। মহন্তক প্ৰশংসা কৰাৰ লগতে তেওঁ প্ৰতিনিধিত্ব কৰি থকা বঢ়মপুৰ সমষ্টি অগপৰ এক নম্বৰৰ সমষ্টি বুলি কয় অগপৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই।

ইফালে  অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আগন্তুক নিৰ্বাচনত অগপক কোনো ক্ষতি নকৰে বুলি কয় অগপৰ দুয়োগৰাকী জ্যেষ্ঠ নেতাই। উল্লেখযোগ্য যে, দেওবাৰে কমলপুৰ সমষ্টিত অনুষ্ঠিত হ’ব অগপৰ ঐক্য সমাৰোহ।

শেহতীয়া বাতৰি