অভিনেত্ৰী আইমী বৰুৱাৰ এটা মন্তব্যকলৈ ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা। জাগীৰোড সমষ্টিত বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অভিনেত্ৰীগৰাকীয়ে 'CAA আমি মানিমেই,CAA আমাক লাগিবই' বুলি ভাষণ প্ৰসংগত উল্লেখ কৰাৰ লগে লগে চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শনিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ছচিয়েল মিডিয়াত আইমী বৰুৱাৰ সেই মন্তব্যটোৱে ছচিয়েল মিডিয়াত চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল। নাগৰিকত্ৱ সংশোধনী আইনক লৈ অভিনেত্ৰীগৰাকীয়ে কৰা মন্তব্যত ক্ষুব্ধ হৈ পৰিছিল একাংশ।
২০১৯ বৰ্ষৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহত ৰাজ্যজুৰি নাগৰিকত্ৱ সংশোধনী আইন বিৰোধী আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। উজনি অসমত সৰ্বাধিক প্ৰভাব পেলাইছিল নাগৰিকত্ব সংশোনী আইন বিৰোধী আন্দোলনে। ৰাজ্যৰ বিশ্ববিদ্য়ালয়, মহাবিদ্যালৰ ছাত্ৰ-সমাজ প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিছিল আন্দোলনত। কিন্তু পিছৰ সময়ছোৱাত যদিও আন্দোলনৰ গতি স্তিমিত হয়, তথাপিও একাংশৰ ভিতৰি ভিতৰি ক্ষোভ আছিল বিতৰ্কিত আইনখনৰ বিৰুদ্ধে। প্ৰথম পৰ্য়ায়ৰ নিৰ্বাচনৰ প্ৰচাৰতো বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সকলে কৌশলেৰে আঁতৰাই ৰাখিছিল কা'ৰ প্ৰসংগ।
কিন্তু ভোটদানৰ দুদিন পূৰ্বে অভিনেত্ৰী আইমীয়ে কৰা মন্তব্যই শনিবাৰে ভোটগ্ৰহণত কিছু প্ৰভাব পৰিছে বুলি ক'ব খোজে একাংশই। সেইদৰে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকী থকা কিছু সমষ্টিতো অভিনেত্ৰীগৰাকীৰ মন্তব্যৰ প্ৰভাব পৰিব বুলি বিভিন্ন মহলত চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|