• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: হিমন্ত বিশ্ব শৰ্মাৰ অবিহনেই আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব বিজেপিয়ে, কিয় নিৰ্বাচন আয়োগে জাৰি কৰিলে এই নিষেধাজ্ঞা?

Assam-Assembly: হিমন্ত বিশ্ব শৰ্মাৰ অবিহনেই আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব বিজেপিয়ে, কিয় নিৰ্বাচন আয়োগে জাৰি কৰিলে এই নিষেধাজ্ঞা?

৪৮ ঘণ্টাৰ কাৰণে নিষিদ্ধ হ’ল  হিমন্ত বিশ্ব শৰ্মা । শৰ্মাৰ  ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে  নিৰ্বাচন আয়োগে।

৪৮ ঘণ্টাৰ কাৰণে নিষিদ্ধ হ’ল  হিমন্ত বিশ্ব শৰ্মা । শৰ্মাৰ  ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে  নিৰ্বাচন আয়োগে।

৪৮ ঘণ্টাৰ কাৰণে নিষিদ্ধ হ’ল  হিমন্ত বিশ্ব শৰ্মা । শৰ্মাৰ  ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে  নিৰ্বাচন আয়োগে।

  • Share this:
প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই ভাগ লোৱা প্ৰতিখন জনসভাতে ৰাইজৰ উপস্থিতি আছিল ব্যাপক। আনকি কিছু কছু সমষ্টিত মন্ত্ৰী হিমন্তই প্ৰচাৰ চলোৱাৰ পিছতেই সলনি হৈ পৰিছিল দৃশ্যপট। পিছে আজিৰে পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ ল'ব নোৱাৰিব কোনোধৰণৰ নিৰ্বাচনী সভাত।

৪৮ ঘণ্টাৰ কাৰণে নিষিদ্ধ হ’ল  হিমন্ত বিশ্ব শৰ্মা । শৰ্মাৰ  ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে  নিৰ্বাচন আয়োগে। শুকুৰবাৰে সন্ধিয়াৰ পৰা কাৰ্যকৰী হৈছে নিৰ্বাচন আয়োগৰ এই নিৰ্দেশ । এই সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মাই কোনো নিৰ্বাচন সম্বন্ধীয় ৰাজহুৱা সভা, সমদল, ৰেলি, Road Show কৰিব নোৱাৰিব। আনকি সংবাদ মাধ্যমত নিৰ্বাচনৰে জড়িত কোনো বক্তব্যও ৰাখিব নোৱাৰিব। সংবিধানৰ ৩২৪ অনুচ্ছেদে আয়োগক প্ৰদান কৰা ক্ষমতাৰ যোগেদি দিয়া হৈছে এই নিৰ্দেশ।  শৰ্মাই হাগ্ৰামা মহিলাৰীক NIAৰ যোগেদি জে'ললৈ পঠিওৱাৰ ভাবুকি প্ৰদান কৰিছিল। কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত আয়োগৰ এই পদক্ষেপ।

আনহাতে ৰাতাবাৰীৰ ইভিএম কাণ্ডত নিলম্বন কৰা হ’ল Armed Escort Officer লোহিত গোহাঁইক। তেওঁৰ লগত দায়িত্বত থকা তিতাবৰ তৃতীয় আৰক্ষী বাহিনীৰ উপ পৰিদৰ্শককো নিলম্বন কৰিছে নিৰ্বাচন আয়োগে। Special General Observer-এ এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি Armed Escort Officerৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁলোকৰ অপৰাধটো হ’ল তেওঁলোকে প’লিং বিষয়া কেইজনক আধা বাটতে এৰি থৈ গুচি গৈছিল।

SGO-য়ে সেই কেন্দ্রটোত পুনৰ মতদানৰ পৰামৰ্শ দিছে আৰু পৰামৰ্শ অনুসৰি Repoll অনুষ্ঠিত হ’ব ।  ইতিমধ্যে Presiding Officer আৰু Polling Officerক নিলম্বন কৰা হৈছে । ৰাতাবাৰীত এপ্ৰিলৰ ১ তাৰিখে বিজেপিৰ প্ৰাৰ্থীৰ পত্নীৰ গাড়ীত ইভিএম উদ্ধাৰ হৈছিল।
Published by:Himangshu Bhuyan
First published: