Assam Election Results 2021: কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কিছুসময়ৰ পিছতে দিল্লীলৈ উৰা মাৰিব হিমন্ত বিশ্ব শৰ্মা!

News18 Assam | News18-Assam
Updated:May 2, 2021, 6:49 PM IST
Assam Election Results 2021: কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কিছুসময়ৰ পিছতে দিল্লীলৈ উৰা মাৰিব হিমন্ত বিশ্ব শৰ্মা!
ফাইল ফটো

চৰ্চা চলিছে যে, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও হ'ব পাৰে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

  • Share this:
অৱশেষত প্ৰত্যাশিত ভাবেই অসমত বিজেপিৰ নেতৃত্বত পৰৱৰ্তী চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হ'ল। পিছে কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? একাংশই সৰ্বানন্দ সোণোৱালেই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি উল্লেখ কৰাৰ লগতে আন একাংশ বিজেপিৰ শীৰ্ষ নেতাই কিন্তু বিষয়টোক ৰাষ্ট্ৰীয় নেতৃত্বলৈ ঠেলি দি আহিছে।

চৰ্চা চলিছে যে, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও হ'ব পাৰে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। ইয়াৰ এক স্পষ্ট ইংগিত মাজে সময়ে প্ৰদান কৰি আহিছে পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাকে আদি কৰি মন্ত্ৰী হিমন্তৰ একান্ত ঘণিষ্ঠ মহলে। সেইসময়তে মন্ত্ৰী হিমন্তৰ লবীৰ বুলি জনাজাত প্ৰায় সকলেই এইবাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছে।

মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, কমলপুৰৰ পৰা দিগন্ত কলিতা, লখিমপুৰৰ পৰা মানৱ ডেকা,  নাহৰকটীয়াৰ পৰা তৰংগ গগৈকে প্ৰমুখ্য কৰি বহুসংখ্যক হিমন্ত বিশ্বৰ ঘনিষ্ঠ নেতা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।

শেহতীয়াকৈ অহা তথ্য মতে, কিছুসময়ৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ উৰা মাৰিব। দিল্লীলৈ উৰা মৰাৰ প্ৰাকক্ষণত  হিমন্ত বিশ্বৰ সৈতে মন্ত্ৰী পীয়ুষ হাজৰিকা, ৰমাকান্ত দেউৰী মিলিত হৈছে বুলিও জানিব পৰা গৈছে। আনহাতে বিজেপিৰ সহযোগী অতুল বৰাইয়ো ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হ'ল।
Published by: Himangshu Bhuyan
First published: May 2, 2021, 6:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি