প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।
আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত মুঠ ৪৭টা সমষ্টিত হ’ব নিৰ্বাচন।
এইবাৰ কোৰোণাৰ ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বহু নীতি-নিয়মৰ মাজেৰে সম্পন্ন হ'ব ভোটদান প্ৰক্ৰিয়া। সেইদৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএম মেচিনত।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, মন্ত্ৰী নৱকুমাৰ দলে, মন্ত্ৰী ৰঞ্জিত দত্ত, মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষাণ, কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰা, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, অজাপৰ নেতা জগদীশ ভূঞাৰ ভাগ্য বন্দী হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮১,০৯,৮১৫ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৬৪গৰাকী ভোটাৰৰ ভাগ্য। ইয়াৰে ভিতৰত ৪০,৭৭,২১০গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৪০,৩২,৪৮১ গৰাকী মহিলা ভোটাৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|