যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে, সিমানেই বিজেপিয়ে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। যুদ্ধক্ষেত্ৰত নামি পৰিছে বিজেপিৰ ইজনৰ পিছত সিজন ষ্টাৰ কেম্পেইনাৰ। বুধবাৰে হোজাইৰ লংকাত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ(Yogi Adityanath)-এ। সভাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী মহেন্দ্ৰ সিং আৰু বিজেপি নেতা দিলীপ শইকীয়া।
অসমীয়াত ভাষণ আৰম্ভ কৰা যোগী আদিত্যনাথে প্ৰথমেই উপস্থিত জনতাক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনায়। মহাবাহু ব্ৰহ্মপুত্ৰক সেৱা জনাই যোগীয়ে কয় যে, 'শংকৰদেৱৰ বাবেই অসম ভূমি সুৰক্ষিত হৈ আছে। কংগ্ৰেছৰ কূটনীতিয়ে ভাৰতৰ সংস্কৃতি ধ্বংস কৰিছে।তুষ্টিকৰণেৰে কংগ্ৰেছে অসম ধ্বংস কৰিব বিচাৰিছিল। মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ শ্ৰেষ্ঠ শক্তি হোৱাৰ দিশত আগবাঢ়িছে। সেয়েহে মোদীয়ে কোৰোণাৰ ভেকচিনৰ দিশত লোৱা পদক্ষেপক প্ৰশংসা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে।'
যোগী আদিত্যনাথে লগতে কয় যে, 'আমি কাৰো ধৰ্ম চাই, জাতি চাই কাম কৰা নাই। সবকা সাথ সবকা বিকাশ নীতিৰে কাম কৰিছো কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতি কৰি সন্ত্ৰাসবাদীৰ সুবিধাৰ বাবে ধাৰা ৩৭০ আনিছিল। কিন্তু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদীক নি:শেষ কৰাৰ বাবে ধাৰা ৩৭০ নাইকীয়া কৰিলে।'
'কামাখ্যালৈ যাওতে চাৰিওদিশে মোৰ কাণত জয় শ্ৰী ৰাম গুঞ্জৰিত হৈছিল।
ৰাম আমাৰ সংস্কৃতি আমাৰ শিষ্টাচাৰ। তিনি তালাকৰ কথা কোৱা সকলৰ বাবে ভাৰতৰ কাৰাগাৰে অপেক্ষা কৰিছে। শত্ৰু দেশে ভাৰতত সোমাবলৈ চেষ্টা কৰিলে কিন্তু আমাৰ সেনা এয়াৰ ষ্ট্ৰাইক, চাৰ্জিকেল ষ্ট্ৰাইক কৰিবলৈ প্ৰস্তুত। এনেকুৱা চৰকাৰেই আমাক লাগে যি আমাক সুৰক্ষাও দিশে আৰু সংস্থাপনো দিয়ে। ৫বছৰ সৰ্বানন্দ সোণোৱালক দিলে আৰু ৫বছৰ দিয়ক।'- এনেদৰে কয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|