মাত্ৰ ৪ দিনৰ পিছতে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ (Assam Assembly Election 2021) ভোটগ্ৰহণ। প্ৰতিটো সমষ্টিতে এতিয়া জোৰদাৰ গতিত প্ৰচাৰ চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) প্ৰতিনিধিত্ব কৰা মাজুলী (Majuli) সমষ্টিত নিৰ্বাচনী ৰণডংকা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah)। বিশাল জনসভা সম্বোধন কৰি অমিত শ্বাহে মুখ্যমন্ত্ৰী সোণোৱালক ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনাই উপস্থিত জনতাক।
ভাষণত অমিত শ্বাহে কয় যে, ‘‘আমি ২০১৬ৰ পূৰ্বে বহুকেইটা প্ৰতিশ্ৰুতি দিছিলো। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাৰ নেতৃত্বত অসমত উগ্ৰপন্থীৰ সমস্যা নোহোৱা হ'ল। অসমৰ বৈষ্ণৱ সংস্কৃতি ৰক্ষা কৰি যোৱাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। সেয়েহে অসমৰ নামঘৰসমূহলৈ আঢ়ৈ লাখ টকাৰ অনুদান আগবঢ়াইছে চৰকাৰে।’’
চৰকাৰত বদৰুদ্দিন আজমলৰ (Badruddin Ajmal) দৰে নেতা থাকিলে অসমলৈ অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিব পৰা যাবনে বুলিও প্ৰশ্ন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
অমিত শ্বাহে লগতে কয় যে, ‘‘বিগত পাঁচ বছৰত নৰেন্দ্ৰ মোদীৰ (Narendra Modi) নেতৃত্বত অসমত বহু উন্নয়নমূলক কাম হৈছে। মাজুলী-যোৰহাট সংযোগী দলং বিজেপি চৰকাৰৰ বাবেহে সম্ভৱ হ'ল। যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিবৰ বাবে ৰ'পেক্সৰ ব্যৱস্থা কৰা হৈছে।’’
আনহাতে অসমৰ বানপানী সমস্যাৰ (Assam Flood) সন্দৰ্ভতো মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহে কয় যে, ‘‘অহা পাঁচ বছৰৰ ভিতৰত অসমক বানপানী মুক্ত কৰা হ'ব। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমক কোৰোণাৰ পৰাও ৰক্ষা কৰিলে। অসমক বানমুক্ত কেৱল নৰেন্দ্ৰ মোদীয়েহে কৰিব পাৰিব।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|