உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly: তিনিশক্তিক লৈ আত্মবিশ্বাসী নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, নগাঁৱত কংগ্ৰেছীয়ে নিৰ্মাণ কৰিলে বিজেপিৰ কাৰ্যালয়

    Assam-Assembly: তিনিশক্তিক লৈ আত্মবিশ্বাসী নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, নগাঁৱত কংগ্ৰেছীয়ে নিৰ্মাণ কৰিলে বিজেপিৰ কাৰ্যালয়

    প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দুৰ্বল কৰা নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছত যেন দলত্যাগৰ প্ৰতিযোগিতা চলিছে।

    প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দুৰ্বল কৰা নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছত যেন দলত্যাগৰ প্ৰতিযোগিতা চলিছে।

    প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দুৰ্বল কৰা নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছত যেন দলত্যাগৰ প্ৰতিযোগিতা চলিছে।

    • Share this:
    প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দুৰ্বল কৰা নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছত যেন দলত্যাগৰ প্ৰতিযোগিতা চলিছে। কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা  টিকট বঞ্চিত হোৱাৰ পিছতে বিগত সপ্তাহটোত প্ৰায় ১০সহস্ৰাধিক কংগ্ৰেছীয়ে দলত্যাগ কৰি যোগদান কৰিছে বিজেপিত।

    দেওবাৰেও  কংগ্ৰেছ ত্যাগ কৰি সদৰ সমষ্টি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা পাখিমূৰীয়া মণ্ডল কংগ্ৰেছৰ সভাপতি কমল শইকীয়াৰ লগতে পাঁচ শতাধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে। আনহাতে নতুনকৈ বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছীয়ে দেওধৰত নিৰ্মাণ কৰা এটা বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিধায়ক গৰাকীয়ে কয়, " নগাঁও বিজেপি এতিয়া তিনি প্ৰকাৰ শক্তিৰে শক্তিমান। বিজেপি, অগপ আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ দলীয় পতাকাৰ তলত সমবেত হোৱা নতুন শক্তিয়ে এইবাৰ নগাঁও সদৰত কংগ্ৰেছক ৫০হাজাৰতকৈ অধিক ব্যৱধানত পৰাভূত কৰিব।"

    ইপিনে দলত্যাগী কংগ্ৰেছ নেতা কমল শইকীয়াই কয়, " বিধায়ক ৰূপক শৰ্মাই নগাঁও সদৰ সমষ্টিত উন্নয়নৰ এক নতুন গতি প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ বৰ বৰ নেতা সকলে নিজৰ আভ্যন্তৰীণ কন্দলৰ বাবে দলটো ধ্বংস কৰিছে। কংগ্ৰেছৰ খোৱা-কামুৰাত অতীষ্ঠ হৈ আৰু ৰূপক শৰ্মাৰ উন্নয়নমূলক কাম-কাজত আকৃষ্ট হৈয়ে আমি বিজেপিলৈ আহিছো।"

    উল্লেখযোগ্য যে, বিধায়ক ৰূপক শৰ্মাই আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ৰণথলী, পাখিমূৰীয়া আৰু তুলসী দেউৰীত আয়োজিত তিনিটাকৈ ভাগৱত পাঠৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
    Published by:Himangshu Bhuyan
    First published: