• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : হীৰা দেৱীক উদ্ধাৰ কৰিবলৈ তিনিচুকীয়াত প্ৰচাৰ ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱৰ

Assam-Assembly : হীৰা দেৱীক উদ্ধাৰ কৰিবলৈ তিনিচুকীয়াত প্ৰচাৰ ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱৰ

সোমবাৰে তিনিচুকীয়াত উপস্থিত হয়হি ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ (Tejashwi Yadav)।

সোমবাৰে তিনিচুকীয়াত উপস্থিত হয়হি ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ (Tejashwi Yadav)।

সোমবাৰে তিনিচুকীয়াত উপস্থিত হয়হি ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ (Tejashwi Yadav)।

  • Share this:
    কংগ্ৰেছ (Congress) দলৰ শক্তিশালী ভেটি থকা সত্ত্বেও এইবাৰ হাইকমাণ্ডে তিনিচুকীয়া (Tinsukia) সমষ্টিটো মিত্ৰদল ৰাষ্ট্ৰীয় জনতা (RJD) দলক এৰি দিয়াত ক্ষুন্ন হৈ সমষ্টিটোৰ তিনিচুকীয়া চহৰ আৰু ইটাখুলি এই দুই  ব্লক কংগ্ৰেছৰ লগতে বুথ পৰ্যায়ৰ নেতা-কৰ্মীয়ে সমূহীয়া পদত্যাগ কৰি ৰাষ্ট্ৰীয় দলৰ দ্বাৰা প্ৰক্ষেপিত হীৰা দেৱীক নিৰ্বাচনত সহযোগিতা আগনবঢ়ায় বুলি স্পষ্ট কৰি দিছিল। বিজেপি (BJP) দলক প্ৰত্যাহ্বান জনাব পৰাকৈ তিনিচুকীয়া কংগ্ৰেছ সাজু আছিল যদিও দলে সমষ্টিটো ৰাষ্ট্ৰীয় জনতা দলক এৰি দিয়াত হীৰা দেৱীৰ বাবে অন্যান্য প্ৰাৰ্থীসকলক প্ৰত্যাহ্বান জনোৱাটো দুৰূহ হৈ পৰিছে। সেয়েহে হীৰা দেৱীক উদ্ধাৰৰ বাবে তথা সমষ্টিটোৰ হিন্দীভাষী ভোটাৰক আকৃষ্ট কৰিবলৈ সোমবাৰে তিনিচুকীয়াত উপস্থিত হয়হি ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ (Tejashwi Yadav)।

    যাদৱে ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তিনিচুকীয়া চহৰৰ হিজুগুৰিৰ পৰা ভি আই পি পথ হৈ চলিহা নগৰ খেলপথাৰলৈকে এক মটৰ চাইকেল সমদলত অংশ লোৱাৰ পিছতে চলিহা নগৰ খেলপথাৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। হীৰা দেৱীৰ প্ৰায় এহেজাৰ সমৰ্থকৰ উপস্থিতিত আৰ জে ডি নেতাগৰাকীয়ে ৰাষ্ট্ৰীয় জনতা দলৰ হৈ তিনিচুকীয়াত প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা প্ৰকাশ কৰে৷

    বিজেপি চৰকাৰখনে নিবনুৱা সমস্যা সমাধান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা হ'ব বুলি আশ্বাস দি ৰামঠগন দিয়া বুলি যাদৱে মন্তব্য কৰি এইবাৰ বিজেপি দলৰ সপক্ষে ভোট প্ৰদান কৰাৰ কোনো যুক্তিযুক্ততা নাই বুলি কয় ৷

    ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰক্ষেপিত হীৰা দেৱীয়েই তিনিচুকীয়াত শেষ হাঁহি মাৰিব বুলি যাদৱে আত্মবিশ্বাসেৰে মত ব্যক্ত কৰি সমষ্টিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় জনতা দলৰ সপক্ষে ভোটদান কৰিবলৈ  সকলোকে আহ্বান জনায়।
    Published by:Sanjay Kumar Das
    First published: