"মামাই দিয়া স্কুটী লৈ আমি মামাৰ সভালৈ আহিছো। আমি মামাক বহুত ভাল পাওঁ"- কলিয়াবৰত হিমন্তৰ বাইক ৰেলীত অংশগ্ৰহণ কৰিবলৈ অহা কলেজীয়া ছাত্ৰীৰ এই মন্তব্য এয়া।
উল্লেখযোগ্য যে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক প্ৰত্যাহ্বান জনাবলৈ আজি কলিয়াবৰ আৰু বটদ্ৰৱাত একেটা দিনতে দুখনকৈ সভাৰ আয়োজন কৰিছে হিমন্ত বিশ্বই।
অগপ প্ৰাৰ্থী তথা মন্ত্ৰী কেশৱ মহন্তৰ হৈ কলিয়াবৰৰ জখলাবন্ধা ষ্টেডিয়ামৰ পৰা প্ৰায় ১০ সহস্ৰাধিক সমৰ্থকৰে এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰিবলৈ অহা হিমন্ত বিশ্ব শৰ্মাক চাবলৈ আজি স্কুটী লাভ কৰা যথেষ্ট সংখ্যক কলেজীয়া ছাত্ৰী ৰঙা স্কুটী লৈ বাইক ৰেলীত অংশগ্ৰহণ কৰিবলৈ আহে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|