বিজেপি অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ২০১৬ চনত সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ ৫৬,৪৫৪টা ভোট লাভ কৰি সৰভোগ সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈছিল ৰঞ্জিত কুমাৰ দাস ৷ ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ আব্দুল হান্নানে ৩৬,৯২৮টা, চিপিএমৰ মনোৰঞ্জন তালুকদাৰে ২৯,০৮২টা আৰু এআইইউডিএফৰ চামচুল হকে ১৭,৫০৪টা ভোট লাভ কৰি ক্ৰমে দ্বিতীয়, তৃতীয় আৰু পঞ্চম স্থান দখল কৰিছিল।
২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ, এআইইউডিএফ, বিপিএফ সহিতে বাওঁ দলসমূহে মহাজোঁট গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ সমীকৰণৰ ফালৰ পৰা সেয়ে সৰভোগ সমষ্টিত বিজেপিয়ে জয়লাভ কৰাটো অত্যন্ত কষ্টকৰ বিবেচিত হৈছে ৷ পৰিস্থিতি দেখি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সমষ্টি সলনি কৰি পাটাছাৰকুছি সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল ৷
বিজেপি দলে তেওঁক টিকটো প্ৰদান কৰাৰ পিছত ইতিমধ্য তেওঁ মনোনয়নো দাখিল কৰিছে ৷ পাটাছাৰকুছিত বিজেপিৰ ভেটি নিৰ্মাণ কৰিছিল ফণী পাঠকে ৷ বছৰ বছৰ ধৰি ফণী পাঠকে কৰা কষ্টৰ ফলস্বৰূপে পাটাছাৰকুছি অঞ্চলত বিজেপি দলে খোপনি পুতিবলৈ সক্ষম হৈছে ৷ কিন্তু পাটাছাৰকুছিত বিজেপিক সাংগঠনিক কাম-কাজত মুখ্য ভুমিকা গ্ৰহণ কৰা ফণী পাঠকক দলে টিকট প্ৰদান নকৰি ৰঞ্জিত কুমাৰ দাসক টিকট প্ৰদান কৰিলে ৷
টিকট ঘোষণা হোৱাৰ দিনাই পাঠশালাৰ বিজেপি কৰ্মীৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছিল ৷ এনে সময়তে পাটাছাৰকুছিত বিজেপিৰ ভেটি নিৰ্মাতা ফণী পাঠকে বিজেপি দলৰ পৰা পদত্যাগ কৰিছে ৷ এক সংবাদমেলযোগে বিজেপিৰ পৰা পদত্যাগ কৰি ফণী পাঠকে কয় যে, দলে তেওঁক প্ৰাৰ্থীত্ব নিদিয়াক লৈ আপত্তি নাই, কিন্তু দলে তেওঁক এলাগী কৰাৰ দৰে অনুভৱ কৰিছে ৷ ফণী পাঠকে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হিচাপেও কাৰ্যভাৰ চম্ভালি আছিল ৷ বজালী জিলা সমিতিৰ প্ৰাক্তন সভাপতিও আছিল ফণী পাঠক।
আনহাতে পাটাছাৰকুছি সমষ্টিৰ বৰ্তমানৰ বিধায়ক পবীন্দ্ৰ ডেকাই ২০১৬ চনত অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিছিল যদিও এইবাৰ তেওঁ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়াছে। আনহাতে ফণী পাঠকেও যোগদান কৰিছে অসম জাতীয় পৰিষদত।
ফলত এতিয়া আউল লাগিছে ৰঞ্জিত দাসৰ অংকত। জানিব পৰা মতে, ফণী পাঠকক টিকট প্ৰদান নকৰাক লৈ বিজেপিৰ স্থানীয় একাংশ নেতা-কৰ্মী ক্ষোভিত হৈ আছে৷ এই ক্ষোভে ৰঞ্জিত কুমাৰ দাসক বিপদত পেলোৱাটো নিশ্চিত ৷ এনে সময়ত এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিক সমষ্টিটোৰ পৰা জয়ী কৰি নিবলৈ বিজেপি দলে কি পদক্ষেপ হাতত লয়, সেয়া হ'ব লক্ষ্যণীয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|