আজি অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ সৰ্বমুঠ ৪০টা সমষ্টিত আনুষ্ঠিত হৈছে ভোটগ্ৰহণ। পুৱাৰ পৰাই প্ৰতিটো ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ চলচিত্ৰ তথা সংগীতজগতৰো বহু তাৰকাক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে।
![]()
ভোটগ্ৰহণ কেন্দ্ৰত সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিলে জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ পাপন মহন্তই। ভোটদান কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পাপনে কয় যে, 'অসমত যুৱ ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাটো ইতিবাচক দিশ। ডেকা চাম সজাগ হ'লে সুস্থ চৰকাৰ পাব। মই প্ৰতিবাৰেই ভোট দিবলৈ আহো। অসমখন উন্নত হওক আৰু সকলো ভোট দিবলৈ ওলাই আহক।'
ইফালে পৰিস্থিতি ঠিক থাকিলে আগন্তুক ৰঙালী বিহুৰ মঞ্চত কণ্ঠশিল্পীগৰাকীক ৰাইজে দিখিবলৈ পাব বুলিও জানিবলৈ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|