মৰিয়নীত বিজেপিৰ নিৰ্বাচনী সভাত অথন্তৰ। মৰিয়নীৰ বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগত আছিল সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি কেইবাগৰাকীও বিজেপি নেতা।
মঞ্চত তেতিয়া চাহ জনগোষ্ঠী সংগীত শিল্পী চাজন নায়কে পৰিৱেশন কৰা গীতৰ তালে তালে বিজেপি নেতা আৰু একাংশ দলীয় কৰ্মী নাচোনত ব্যস্ত। তেনে সময়তে সভাত উপস্থিত ৰাইজৰ মাজত লাগিল হুৱাদুৱা। ৰাইজৰ চিঞৰ–বাখৰত সংবাদ মাধ্যমৰ লোকৰ লগতে মঞ্চত থকা সকলোৰে দৃষ্টি নিবদ্ধ হয় সভাৰ এটা চুকত থকা ছাউণ্ড ছিষ্টেমৰ বক্সসমূহৰ ফালে। ছাউণ্ড বক্সসমূহৰ এটা বক্সৰ পৰা সেই সময়ত অহৰহ নিৰ্গত হৈ আছিল জুই আৰু ধোঁৱা। বক্সটোৰ কাষত থকা ৰাইজ আতংকিত হৈ চিঞৰ–বাখৰ কৰা লগতে সেই ঠাইৰ পৰা ফৰিং চিটিকা দিয়ে।
সেই সময়ত তাত উপস্থিত থকা ছাউণ্ড ছিষ্টেমৰ কাৰিকৰী লোকসকলে ততাতৈয়াকৈ জুই আৰু ধোৱাই আগুৰি ধৰা ছাউণ্ড বক্সৰ পৰা সংযোগ বিছিন্ন কৰি দিয়াৰ পিছতহে জুই আৰু ধোঁৱা নিৰ্গত বন্ধ হয়। ইয়াৰ পিছতো ছাউণ্ড ছিষ্টেমৰ বিসংগতি দূৰ নহ'ল। মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে উদাত্ত ভাষণ। ৰাইজক আহ্বান জনালে বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীক ভোট দিবৰ বাবে। কিন্তু ছাউণ্ড ছিষ্টেমৰ বিসংগতিয়ে অথন্তৰ ঘটালে সভাখনত। মুখ্যমন্ত্ৰীয়ে ভাষণৰ মাজতে ছাউণ্ড ছিষ্টেমৰ বিসংগতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ঠিক কৰিবৰ বাবে অনুৰোধ কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীক মঞ্চত থকা এজন বিজেপি নেতাই এটা নতুন মাইক্ৰ’ফোন প্ৰদান কৰা পিছতহে উক্ত বিসংগতি দূৰ হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|