হোজাই (Hojai) জিলা অসম জাতীয় পৰিষদ (AJP)ত বৃহৎ খহনীয়া। ১৪জনকৈ আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ দল ত্যাগ। AIUDF আৰু ৰাইজৰ দল (Raijor Dol)ত যোগদান কৰাৰ সম্ভাৱনা।
অসম জাতীয় পৰিষদৰ একাংশ নেতাৰ নীতি–আদৰ্শত বিতুষ্ট হৈ হোজাই জিলাৰ একাংশ আঞ্চলিক সমিতিৰ সভাপতি–সম্পাদক আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ দলত্যাগ কৰা ঘটনাই AJPৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি কৰিছে। জিলাখনৰ ১৪জনকৈ আঞ্চলিক সমিতিৰ সভাপতি–সম্পাদক আৰু জিলা সমিতিৰ বিষয়ববীয়াই দলত্যাগ কৰে।
ইতিমধ্যে AJPৰ কেন্দ্ৰীয় সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ক্ষোভিত নেতা–কৰ্মীসকলে। যমুনামুখ (Jamunamukh) সমষ্টিৰ মুখ্য সমন্বয়ক তথা ডবকা টাউন আঞ্চলিক সমিতিৰ সভাপতি চিৰাজ উদ্দিন, ডবকা আঞ্চলিক সমিতিৰ সভাপতি জাহাংগীৰ হুছেইন চৌধুৰী, ভেলৌগুৰি আৰু ডবকা টাউন আঞ্চলিক সমিতিৰ সম্পদকে ত্যাগ কৰিলে এজেপি। সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিলে পদত্যাগৰ কথা।
যমুনামুখ সমষ্টিৰ AJPৰ প্ৰাৰ্থী বদৰুল হকৰ বিৰুদ্ধেও ক্ষোভ নেতা–কৰ্মীসকলৰ। বদৰুল হকে দলৰ কোনো নীতি–আদৰ্শ পালন নকৰাৰ অভিযোগ ক্ষোভিত দলত্যাগী নেতা–কৰ্মী সকলৰ। নিৰ্দিষ্ট একাংশ লোকৰ বাহিৰে বদৰুল হকে দলৰ কোনো নেতা–কৰ্মীক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ক্ষোভিত দলত্যাগী নেতা–কৰ্মীসকলৰ। নিজৰ খেয়াল–খুচিমতে বদৰুল হকে যমুনামুখ সমষ্টিত প্ৰচাৰ অভিযান চলাই থকাৰ অভিযোগ।
সমগ্ৰ বিষয়টো কেন্দ্ৰীয় সমিতিৰ একাংশ বিষয়ববীয়াক অৱগত কৰিছিল যদিও কেন্দ্ৰীয় সমিতিয়েও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ দলত্যাগী নেতাসকলৰ। দল ত্যাগ কৰা নেতা–কৰ্মীসকলে ৰাইজৰ দল বা AIUDF দলত যোগদান কৰাৰ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
First published: March 18, 2021, 14:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|