বিজেপিৰ নেতাৰ গুৰুগম্ভীৰ ভাষণৰ বিপৰীতে ৰূপজ্যোতি কুৰ্মীৰ ৰাইজলৈ আহ্বান, "মোক নিৰ্বাচনত সহায় কৰক, বিধায়ক হোৱাৰ পিছত বহু ক্ষেত্ৰত সহায় কৰিম।"
বিজেপিৰ নেতাৰ গুৰুগম্ভীৰ ভাষণৰ বিপৰীতে ৰূপজ্যোতি কুৰ্মীৰ ৰাইজলৈ আহ্বান, "মোক নিৰ্বাচনত সহায় কৰক, বিধায়ক হোৱাৰ পিছত বহু ক্ষেত্ৰত সহায় কৰিম।"
মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)য়ে পৰিকল্পিতভাৱে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ (Akhil Gogoi)য়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছত অখিল গগৈৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। কেৱল কৃতজ্ঞতা প্ৰকাশ কৰাই নহয়, অখিল গগৈক নিৰ্বাচনত পৰোক্ষভাৱে সহায় কৰিব বুলিও মত ব্যক্ত কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। শেহতীয়াকৈ অখিল গগৈৰ ঘৰলৈ গৈ মাতৃক সেৱা কৰি অখিলৰ ভাতৃজ্ঞান কৰিবলৈয়ো অনুৰোধ কৰি চৰ্চা লাভ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতিয়ে মৰিয়নীৰ কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS), বীৰ লাচিত সেনাৰ সদস্যসকলক নিৰ্বাচনত তেওঁক সহায় কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বিপৰীতে শিৱসাগৰত পৰোক্ষভাৱে অখিল গগৈলৈ সহায় আগবঢ়াব বুলি ব্যক্ত কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে।
"মই কংগ্ৰেছত থাকি ৰাইজৰ দলৰ প্ৰাৰ্থীক পোনপটীয়াকৈ সহায় কৰিবলৈ যাব নোৱাৰো। কিন্তু অখিল গগৈলৈ মোৰ শুভেচ্ছা আছে। শিৱসাগৰত শুভমিত্ৰ গগৈ অথবা অখিল গগৈ এই দুয়োজনেই গগৈ। তেওঁলোকৰ ভিতৰত এজন জিকিলেই হব।", ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কৌশলপূৰ্ণ মন্তব্য আগবঢ়ায়।
আনহাতে, অখিল গগৈ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে প্ৰদান কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ বিছৰা হৈছিল সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi)ৰ পৰা। কিন্তু গৌৰৱ গগৈয়েও এই প্ৰসংগৰ পৰা ফালৰি কাটি অখিল গগৈক চৰকাৰে এনেদৰে দীৰ্ঘদিন ধৰি জে’লত বন্দী কৰি ৰখা ঘটনাকহে তীব্ৰ সমালোচনা কৰে।
বিজেপিয়ে মৰিয়নীত ইজনৰ পিছত সিজন ষ্টাৰ কেম্পেইনাৰৰ দ্বাৰা প্ৰচাৰ চলাইছে। স্মৃতি ইৰাণী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নীত পদযাত্ৰা কৰি প্ৰচাৰ চলাব। কিন্তু ইয়াৰ বিপৰীতে ৰূপজ্যোতি কুৰ্মীৰ প্ৰচাৰৰ কৌশল সুকীয়া। বিজেপিৰ নেতাসকলৰ গুৰুগম্ভীৰ ভাষণৰ বিপৰীতে ৰূপজ্যোতি কুৰ্মীৰ ৰাইজলৈ পোনপটীয়া আহ্বান, "মোক আপোনালোকে নিৰ্বাচনত সহায় কৰক, বিনিময়ত মই আপোনালোকক বিধায়ক হোৱাৰ পিছত বহু ক্ষেত্ৰত সহায় কৰিম।"
আনহাতে, এইবাৰ ৰূপজ্যোতি কুৰ্মীয়ে সাধাৰণ লোকসকলৰ মাজত নিজকে বিধায়ক হিচাপে নহয়, এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি প্ৰচাৰ চলাই আহিছে। ৰূপজ্যোতিৰ মতে, মন্ত্ৰী হোৱাৰ পিছত মৰিয়নীৰ ৰূপেই সলনি কৰি পেলাব। ৰূপজ্যোতি কুৰ্মীৰ প্ৰচাৰৰ এনে কৌশলসমূহৰ বাবে মৰিয়নী সমষ্টিত যে এইবাৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে জয়ী হ’বলৈ বহু কষ্ট কৰিব লাগিব সেয়া নিশ্চিত হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|