নিৰ্বাচন (Assam Assembly Election 2021) কাষ চপাৰ লগে লগেই যেন বহু জনপ্ৰতিনিধিয়ে পাহৰি পেলাইছে ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ কথা। ভোট লাভৰ বাবে এচাম সংখ্যালঘু জনপ্ৰতিনিধিয়ে সহজ-সৰল ৰাইজৰ মাজত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজি নগাঁও (Nagaon) জিলাৰ সংখ্যালঘু অধ্যূষিত সমষ্টিৰূপে পৰিচিত ৰূপহীহাট (Rupahihat)ত অনুষ্ঠিত এক সভাত BJPৰ বিৰুদ্ধে ভাষণ দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰূপহীহাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদা।
বিজেপিক ভোট দিয়া মানে মাদ্ৰাছা বন্ধক সমৰ্থন কৰা বুলি নিজৰ ভাষণত উল্লেখ কৰাৰ লগতে বিধায়কগৰাকীয়ে ইছলাম ধৰ্মৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফ আৰু মছজিদ সন্দৰ্ভতো কিছু অদ্ভুত তথা উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰে। বিধায়কগৰাকীয়ে নিজৰ ভাষণত বিজেপিক ভোট দিয়া কাৰ্যক প্ৰকাৰন্তৰে ইছলাম ধৰ্মৰ বিৰোধী বুলি ৰাইজক বুজাব বিচাৰে। তেওঁৰ ভাষণৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নিৰ্বাচন আয়োগে সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে এনে মন্তব্য প্ৰদান কৰা বিষয়ক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|