মাহমৰা বিধান সভা সমষ্টিৰ শাসকীয় দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী যোগেন মহনৰ উপস্থিতত এইগৰাকী নেতাই বিজেপিত যোগদান কৰিয়েই শাসকীয় দলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।
মাহমৰা বিধান সভা সমষ্টিৰ শাসকীয় দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী যোগেন মহনৰ উপস্থিতত এইগৰাকী নেতাই বিজেপিত যোগদান কৰিয়েই শাসকীয় দলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (KMSS) লগতে ৭০টা সংগঠনৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল 'ৰাইজৰ দল' (Raijor Dal)ৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি তথা আহোম জাতীয় গণ মঞ্চৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা মণিদীপ মহনে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰি BJP দলত যোগদান কৰে।
মাহমৰা বিধান সভা সমষ্টিৰ শাসকীয় দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী যোগেন মহন (Jogen Mahan)ৰ উপস্থিতত এইগৰাকী নেতাই বিজেপিত যোগদান কৰিয়েই শাসকীয় দলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।
উল্লেখ্য যে, যোৱা ২৩ মাৰ্চত ৰাইজৰ দলৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মণিদীপ মহনে চৰাইদেউ জিলাৰ মৰাণত এক সংবাদমেল সম্বোধন কৰি দলটোৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল।
তদুপৰি এইগৰাকী নেতাই সংবাদমেলত কোনো সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰীয়তাবাদী দলত যোগদান নকৰে বুলি উল্লেখ কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল। কিন্তু এইগৰাকী মুখাপিন্ধা ভুৱা জাতীয়তাবাদী আখ্যা পোৱা নেতাই এদিনৰ পিছতে শাসকীয় বিজেপি দলত যোগদান কৰা কাৰ্যই সমগ্ৰ মাহমৰাৰ লগতে ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
সমান্তৰালকৈ বিজেপি দলৰ গ্ৰাসত পৰি বৃহৎ ধনৰ বিনিময়ত নিজৰ চৰিত্ৰ উদঙাই দিয়া এইগৰাকী ভুৱা জাতীয়তাবাদী নেতাৰ বিজেপি গমনে ৰাইজৰ দলৰ কোনো ক্ষতি নহয় বুলিও উল্লেখ কৰিছে দলটোৰ কৰ্মকতাসকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|