ব্ৰিটিছে প্ৰথম চাহ ৰোপণ কৰা চাবুৱা চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে আহাৰ গ্ৰহণ কৰিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। নিৰ্বাচনী প্ৰচাৰৰ বাবে দুদিনীয়াকৈ উজনি অসম ভ্ৰমনলৈ অহা ৰাহুল গান্ধীয়ে চাবুৱাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছতেই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে চাহ শ্ৰমিকসকলৰ সৈতে।
চাবুৱাৰ কংগ্ৰেছৰ প্ৰাৰ্থী অজয় ফুকনৰ হৈ চাবুৱাত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছতেই ৰাহুল গান্ধী ৰাওনা হয় ডুমডুমালৈ।
তাৰ মাজতেই ইতিহাসপ্ৰসিদ্ধ চাবুৱা চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ সৈতে একে শাৰীতে মাটিত বহি সাধাৰণ আহাৰ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে। ৰাহুল গান্ধীৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰে কেইবাগৰাকীও কংগ্ৰেছৰ উচ্চ পর্যায়ৰ নেতাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|