এসপ্তাহৰ ভিতৰতে যোৰহাটলৈ আগমন ঘটিব দেশৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত যোৰহাটলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী।
যোৱা ১৪ মাৰ্চত যোৰহাটলৈ আহিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ২০ মাৰ্চত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৰহাটৰ মৰিয়নীলৈ আহিব ৰাহুল গান্ধী। ২১ মাৰ্চত যোৰহাট নগৰত প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইয়াৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক লৈ ব্যস্ত হৈ পৰিছে যোৰহাট জিলা প্ৰশাসনৰ লগতে নিৰাপত্তা গোটসমূহ।কাৰণ 20 মাৰ্চ, শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা কটাব যোৰহাটত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে বিয়লি বিমান যোগে যোৰহাট এয়াৰফৰ্ছ ষ্টেছনত উপস্থিত হোৱাৰ পিছত ৰৰৈয়াৰ পৰা কে বি ৰোডেৰে আহিব লিচুবাৰীস্থিত মিলিটেৰি ষ্টেছনলৈ। লিচুবাৰীস্থিত সেনাবাহিনীৰ ৪১ ছাব এৰিয়াৰ মূখ্য কাৰ্যালয়ৰ গেষ্ট হাউছত নিশা কটাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীৰ নৈশ যাপনৰ বাবে ইতিমধ্যে বিশেষ ভাৱে সুসজ্জিত কৰি তোলা হৈছে সেনা বাহিনীৰ গেষ্ট হাউছটো। প্ৰতিটো মুহূৰ্তত দিল্লীৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিব পৰাকৈ উক্ত গেষ্ট হাউছটো অস্থায়ী ৰূপে গঢ় দিয়া হৈছে এটা কাৰ্যালয়লৈ। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজিৰ বিষয়াসকল যোৰহাটত উপস্থিত হৈ সকলো দিশ তদাৰক কৰিছে। যোৰহাট এয়াৰফৰ্ছ ষ্টেছনৰ পৰা মিলিটেৰি কেম্পলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব লগীয়া পথচোৱাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
মাত্ৰ কেইটামান দিনৰ ভিতৰতে প্ৰধানমন্ত্ৰীকে মুখ্য কৰি দেশৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ আগমনে যোৰহাটত বিশেষ চৰ্চা লাভ কৰিছে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|