ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিমগঞ্জত এখন জনসভা সম্বোধন কৰি কংগ্ৰেছৰ সমালোচনাৰে থকা-সৰকা কৰে। প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ নীতিক সামাজিক, সাংস্কৃতিক, ভৌগোলিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বাবে ক্ষতিকাৰক বুলি কটাক্ষ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, 'আজি এফালে বিজেপিৰ নীতি, বিজেপিৰ নেতৃত্ব আৰু আদৰ্শ। আনটো ফালে কংগ্ৰেছ আছে। যাৰ কোনো নীতি নাই, কোনো নেতা নাই, কোনো আদৰ্শ নাই।' প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, 'ইয়াত অসমলৈ চাওক, কংগ্ৰেছে কাৰ ভৰষাত নিৰ্বাচনী ৰণত নামিছে?'
ৰাজ্যৰ এটা ভিডিওই উদঙাই দিলে কংগ্ৰেছৰ স্বৰূপঃ প্ৰধানমন্ত্ৰীপ্ৰধানমন্ত্ৰী মোদীয়ে কয় যে,'অসমৰ এক বিভ্ৰান্তিকৰ ভিডিও মই দেখিলো। আপোনালোকেও নিশ্চয় দেখিছে। ভিডিওটোত ইয়াৰ এজন কংগ্ৰেছ নেতা মঞ্চ আছে আৰু মিছা ঘোষণা পত্ৰ প্ৰস্তুত কৰিছে। ঘোষণা পত্ৰ প্ৰস্তুত কৰোতে যথেষ্ট কষ্ট হয়। ভিডিওটোত তেওঁ কৈছে যে, এতিয়া যি আছে কৈ দিও, পিছত দেখা যাব। এনেদৰে নিজৰ স্বৰূপ নিজে উদঙাই দিছে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|