உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : বৃহৎ ধনৰ লেনদেন কৰি প্ৰাৰ্থীক টিকট প্ৰদানৰ গুৰুতৰ অভিযোগ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে

    Assam-Assembly : বৃহৎ ধনৰ লেনদেন কৰি প্ৰাৰ্থীক টিকট প্ৰদানৰ গুৰুতৰ অভিযোগ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে

    কংগ্ৰেছ দলত নিষ্ঠাবান কৰ্মীৰ ঠাই নাই বুলি অভিযোগ কৰি কয়- ধন থাকিলেহে কংগ্ৰেছ দলত টিকট লাভ কৰে৷ বহু পুৰণি নেতা–কৰ্মী এতিয়া দলটোত উপেক্ষিত।

    কংগ্ৰেছ দলত নিষ্ঠাবান কৰ্মীৰ ঠাই নাই বুলি অভিযোগ কৰি কয়- ধন থাকিলেহে কংগ্ৰেছ দলত টিকট লাভ কৰে৷ বহু পুৰণি নেতা–কৰ্মী এতিয়া দলটোত উপেক্ষিত।

    কংগ্ৰেছ দলত নিষ্ঠাবান কৰ্মীৰ ঠাই নাই বুলি অভিযোগ কৰি কয়- ধন থাকিলেহে কংগ্ৰেছ দলত টিকট লাভ কৰে৷ বহু পুৰণি নেতা–কৰ্মী এতিয়া দলটোত উপেক্ষিত।

    • Share this:
    দুধনৈ (Dudhnoi)ত কংগ্ৰেছ (Congress)ৰ বিপৰ্যয়! এইবাৰ দল আৰু দলৰ নেতৃত্বৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আনি দল ত্যাগ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰণয় ৰাভা (Pranay Rabha) আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দিগন্ত ৰাভা (Diganta Rabha)ৰ। বৃহৎ ধনৰ লেনদেন কৰি প্ৰাৰ্থীক টিকট প্ৰদানৰ গুৰুতৰ অভিযোগ ৰিপুণ বৰা (Ripun Borah) আৰু ৰকিবুল হুছেইন (Rakibul Hussain)ৰ বিৰুদ্ধে৷

    নিৰ্বাচনৰ প্ৰাকক্ষণত দুধনৈ সমষ্টিত কংগ্ৰেছত মোক্ষম আঘাত। দলৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আনি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী প্ৰণয় ৰাভা আৰু এইবাৰৰ দুধনৈ সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰৱল দাবীদাৰ হিচাবে থকা কংগ্ৰেছ নেতা দিগন্ত ৰাভাই৷

    দুধনৈত এখন সংবাদমেলৰ জৰিয়তে প্ৰণয় ৰাভাই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে এটাৰ পিছত আন এটা গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়-  নিৰ্বাচনত টকাৰ বিনিময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু অসম বিধানসভাৰ বিৰোধী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। ৰাজ্যৰ প্ৰায় ১৮ লাখ ৰাভা জনগোষ্ঠীক কেৱল মাথো প্ৰতাৰণাহে কৰি আহিছে বছৰ বছৰ ধৰি কংগ্ৰেছ দলটোৱে৷ জিকাৰ সম্ভাৱনা থকা চাৰি গৰাকীকৈ প্ৰাৰ্থী থকাৰ পিছতো ৰাভা লোকক প্ৰদান কৰা নহ’ল দলীয় টিকট!

    ‘‘BTRৰ ১২টা সমষ্টি এৰি দিছে কিন্তু ৰাভা হাছঙৰ মুখ্য কেন্দ্ৰবিন্দু দুধনৈত ৰাভাসকলৰ সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো ৰাভা জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰদান নকৰিলে দলীয় টিকট৷ এই বেলি চাৰিগৰাকী ৰাভা জনগোষ্ঠীৰ লোকে কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰিছিল দুধনৈত, কিন্তু সকলোকে প্ৰতাৰণা কৰি বৃহৎ টকাৰ লেনদেন কৰি আন এজনকহে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে।’’ – মন্তব্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ৷

    ৰাজ্যৰ ১৮ লাখ ৰাভা জনগোষ্ঠীক প্ৰণয় ৰাভাৰ আহ্বান, কংগ্ৰেছ ত্যাগ কৰক আৰু এই দলটোক ভোট দিয়াৰ পৰা বিৰত৷ কংগ্ৰেছত এতিয়া লবীকেন্দ্ৰীক ৰাজনীতি চলে৷

    প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, অহা দুই এদিনতে দুধনৈ সমষ্টিৰ কংগ্ৰেছ দলৰ ৪ৰ পৰা ৫ হাজাৰ কৰ্মীয়ে একেলগে কংগ্ৰেছ দল ত্যাগ কৰিব৷ নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ দল ত্যাগে কিছু পৰিমাণে হ’লেও যে কংগ্ৰেছ দলক ক্ষতি কৰিব সেয়া খাটাং৷

    ইফালে, দল ত্যাগ কৰিলেও অন্য দলত যোগদান নকৰাৰ সিদ্ধান্ত প্ৰণয় ৰাভাৰ৷ আনহাতে, একেই অভিযোগত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কংগ্ৰেছ নেতা দিগন্ত ৰাভাই দল ত্যাগ কৰি নীতিশ কুমাৰৰ JDU দলত যোগ দি দুধনৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ ইতিমধ্যে মনোনয়ন পত্ৰও জমা দিছে ৰাভাই।

    কংগ্ৰেছ দলত নিষ্ঠাবান কৰ্মীৰ ঠাই নাই বুলি অভিযোগ কৰি কয়- ধন থাকিলেহে কংগ্ৰেছ দলত টিকট লাভ কৰে৷ বহু পুৰণি নেতা–কৰ্মী এতিয়া দলটোত উপেক্ষিত। দলটোৰ হৈ ৮ বছৰ ধৰি সেৱা আগবঢ়াই যোৱাৰ পিছতো কেৱল ধন নিদিয়াৰ বাবে দুটাকৈ নিৰ্বাচনত টিকট লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে! দলটোৰ নেতৃত্ব সলনি নহ’লে অসমত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছে৷ প্ৰাৰ্থীসকলক টিকট দিয়াৰ নামত ধন সংগ্ৰহ কৰি সেই ধনেৰে নিজে নিৰ্বাচনী প্ৰচাৰ চলাইছে৷

    উল্লেখ্য যে, দিগন্ত ৰাভাৰ লগতে দলটোৰ জিলা পৰ্যায়ৰ কেইবাগৰাকীও নেতা আৰু শতাধিক সদস্যই কংগ্ৰেছ ত্যাগ কৰি জনতা দল ইউনাইটেড (JDU)ত যোগ দিয়ে৷ নিৰ্বাচনলৈ মাজত মাথোঁ দুটামান দিনহে বাকী থকা সময়ত এজন প্ৰাক্তন মন্ত্ৰী আৰু দলটোৰ নিষ্ঠাবান নেতা–কৰ্মীৰ দলৰ পৰা পদত্যাগ কৰাৰ ফলত কংগ্ৰেছ দল যে ক্ষতিৰ সন্মুখীন হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত।
    Published by:Sanjay Kumar Das
    First published: