যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। এফালে যদি মহাজোঁটৰ নিৰ্বাচনী ইস্তাহাৰৰ পাঁচ গেৰাণ্টি (Congress 5 Guarantee), আনফালে মিত্ৰজোঁটৰ প্ৰতিশ্ৰুতিৰ বন্যা। দেওবাৰে বঢ়মপুৰ (Barhampur) সমষ্টিৰ দেৱনাৰীকলি, কামপুৰ, টেটেলিসৰা, নামবৰকে ধৰি কেইবাটাও পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰা (Suresh Borah)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ১০নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈ (Pradyut Bordoloi)য়ে।
সুৰেশ বৰা প্ৰচাৰৰ উদ্দেশ্যে অনুষ্ঠিত নিৰ্বাচনী সভাখনত BJPক ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ প্ৰদুৎ বৰদলৈয়ে। বঢ়মপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামী (Jitu Goswami)ক কটাক্ষ কৰি কয় যে ঋণৰ নামত বেংকৰ ধন আত্মসাৎ কৰা জিতু গোস্বামী অসম নীৰৱ মোদী।
কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ উল্লেখিত পাঁচটা গেৰাণ্টি দোহাৰে সাংসদ বৰদলৈয়ে। উল্লেখযোগ্য যে পয়ত্ৰিশ বছৰীয়া দখলকাৰী বঢ়মপুৰ সমষ্টিৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত (Prafulla Kumar Mahanta)ক CAAৰ বিৰোধিতা কৰাৰ বাবেই বিজেপিয়ে বস্তাৰ গেলা আলুৰ দৰে দলিয়াই পেলালে বুলিও মন্তব্য কৰে সাংসদ প্ৰদুৎ বৰদলৈয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|