• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হল প’লিং বিষয়াসকল

Assam-Assembly : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হল প’লিং বিষয়াসকল

শনিবাৰে অনুষ্ঠিত হ’ব গণতন্ত্ৰৰ উৎসৱস্বৰূপ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

শনিবাৰে অনুষ্ঠিত হ’ব গণতন্ত্ৰৰ উৎসৱস্বৰূপ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

শনিবাৰে অনুষ্ঠিত হ’ব গণতন্ত্ৰৰ উৎসৱস্বৰূপ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

  • Share this:
শনিবাৰে অনুষ্ঠিত হ’বলগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৰহাট জিলাৰ পাঁচটা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ পলিং বিষয়াসকল শুকুৰবাৰে ৰাওনা হয়। এইবাৰ নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ বাবে প’ষ্টেল বেলটৰ ব্যৱস্থা কৰা হৈছে।

শনিবাৰে অনুষ্ঠিত হ’ব গণতন্ত্ৰৰ উৎসৱস্বৰূপ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। যোৰহাট জিলাৰ যোৰহাট, টীয়ক, দেৰগাঁও, তিতাবৰ আৰু মৰিয়নী বিধানসভা সমষ্টিত থকা মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ১১০২টা। ইয়াৰে মূল ভোটকেন্দ্ৰ হ’ল ৯৩৭টা। যোৰহাটত ২৬৬টা, টীয়কত ১৯১টা, দেৰগাঁৱত ২৪৫টা , তিতাবৰত ২২৭টা আৰু মৰিয়নীত স্থাপন কৰা ১৭৩টা ভোটকেন্দ্ৰত জিলাখনৰ মুঠ ৭,৫৬,৮৫৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

এইবাৰ নিৰ্বাচনত যোৰহাট সমষ্টিৰ ১,৮০,৬১৮জন, টীয়কত ১,৩১,২৯৮জন, দেৰগাঁৱত ১,৬৮,২৭২জন, তিতাবৰত ১,৫৪,৫৪০জন আৰু মৰিয়নীত ১,২২,১২৮জন ভোটাৰে জনপ্ৰতিনিধি নিৰ্বাচন কৰিব।

যোৰহাট জিলাত ৩,৭৬,৮৬৫ গৰাকী পুৰুষ ভোটাৰ থকাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ’ল ৩,৭৯,৯৯১গৰাকী। যোৰহাট জিলাত থকা স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ সংখ্যা ২৯টা। তিতাবৰ সমষ্টিত সৰ্বাধিক ১৯টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ থকাৰ বিপৰীতে যোৰহাট সমষ্টিত থকা স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ সংখ্যা মাত্ৰ এটা।

ইতিমধ্যে সুচাৰুভাৱে সকলো ব্যৱস্থা কৰাৰ অন্তত প’লিং বিষয়াসকল শুকুৰবাৰে সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হয়।

এই নিৰ্বাচনী কাম–কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ জিলাখনত প্ৰায় এঘাৰশ যান-বাহন অধিগ্ৰহণ কৰা হৈছে।

এইবোৰ নিৰ্বাচনী কাম–কাজত জড়িত বিষয়া-কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কোভিড–১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বহুখিনি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে, ভোটদান কৰিবলৈ অহা ৰাইজক মাস্ক পৰিধান কৰি আহিবলৈ যোৰহাটৰ উপায়ুক্তই আহ্বান জনোৱাৰ লগতে ভোটকেন্দ্ৰসমূহত গ্ল’ভছৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে উপায়ুক্তগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: