মুখ্যপৃষ্ঠা »খবৰ »অসম »EVM কাণ্ড: পাথাৰকান্দিৰ বিজেপি প্ৰাৰ্থীৰ পত্নীৰ গাড়ীত কিয় বহিছিল প’লিং বিষয়া? নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ 

EVM কাণ্ড: পাথাৰকান্দিৰ বিজেপি প্ৰাৰ্থীৰ পত্নীৰ গাড়ীত কিয় বহিছিল প’লিং বিষয়া? নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ 

এপ্ৰিলৰ ১ তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত  ৰাতাবাৰী সমষ্টিত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় ।

এপ্ৰিলৰ ১ তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত  ৰাতাবাৰী সমষ্টিত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় ।

এপ্ৰিলৰ ১ তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত  ৰাতাবাৰী সমষ্টিত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় ।

  • Share this:
এপ্ৰিলৰ ১ তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত  ৰাতাবাৰী সমষ্টিত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় । সমষ্টিটোৰ ইন্দিৰা এম ভি স্কুলৰ প’লিং ষ্টেচনৰ প’লিং বিষয়াই পাথাৰকান্দি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃশেন্দু পালৰ গাড়ীত ইভিএম স্থানান্তৰ কৰাৰ ঘটনা স্থানীয় ৰাইজৰ তৎপৰতাত পোহৰলৈ আহে।

সমগ্ৰ বিষয়টো কেন্দ্ৰীয় নিৰ্বাচন আয়োগক অৱগত কৰাত আয়োগে আজি এক প্ৰতিবেদন প্ৰকাশ কৰিছে । আয়োগৰ Under Secretary পৱন দেৱাৰে স্বাক্ষৰ কৰা প্ৰতিবেদন খনত এই কেইটা কথা সন্নিৱিষ্ট কৰা হৈছে –

• ৰাতাবাৰী সমষ্টিৰ ইন্দিৰা এম ভি স্কুলৰ প’লিং পাৰ্টীয়ে এপ্ৰিলৰ ১ তাৰিখে এক অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হয় ।

• ভোটদান শেষ হোৱাৰ পিছত তেওঁলোকে ইভিএমকেইটা লৈ নিৰ্বাচন আয়োগে প্ৰদান কৰা গাড়ীত সংশ্লিষ্ট স্থানত জমা দিবলৈ যাত্ৰা আৰম্ভ কৰে।

• বৰষুণ দি আছিল কাৰণে তেওঁলোকে বোকা ৰাস্তা আৰু ভীষণ যানজঁটৰ সন্মুখীন হয়।

• বাটত তেওঁলোকৰ গাড়ী বেয়া হয় আৰু তেওঁলোকে গাড়ীৰ মালিক কোন এই কথা জানিব নিবিচাৰি আন এখন গাড়ীৰ ব্যৱস্থা কৰে ।

• এই কথা তেওঁলোকে উৰ্ধ্বতম কৰ্তৃপক্ষক মোবাইল ফোন যোগে অৱগত কৰে।

• তেওঁলোকে লোৱা গাড়ীখন পাথাৰকান্দি সমষ্টিৰ প্ৰাৰ্থী কৃশেন্দু পালৰ পত্নী মধুমিতা পালৰ নামত পঞ্জীয়ন হৈ আছিল।

• বাটত একাংশ লোকে গাড়ীখন ঘেৰি ধৰে আৰু হিংসাত্মক কাৰ্যকলাপ কৰিবলৈ অগ্ৰসৰ হয়।

• আৰক্ষী অধীক্ষক উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

• ইভিএম কেইটাৰ কোনো ক্ষতি হোৱা নাই কাৰণে সেই কেইটা ষ্ট্ৰং ৰোমলৈ প্ৰেৰণ কৰা হৈছে।

• সেই কেন্দ্ৰত Repoll অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োগে।

• প’লিং বিষয়াৰ লগতে আন তিনিজন বিষয়াক নিলম্বন কৰা হৈছে ।

• তদন্ত চলি আছে ।

শেহতীয়া বাতৰি