শনিবাৰে চাবুৱাত মিত্ৰজোঁটৰ প্ৰাৰ্থী পোণাকন বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী মোদীয়ে। অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীক ফাকুৱাৰ শুভেচ্ছা জনায়। চাবুৱাৰ জনসমুদ্ৰ দেখি উৎফুল্লিত হৈ পৰা মোদীয়ে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ মহাজোঁটক। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে, 'চাহ বাগিচাৰ শ্ৰমিককলৈ কংগ্ৰেছে খেল খেলি আহিছিল। কংগ্ৰেছে অসমলৈ ভোট খুজিবলৈ আহিবলৈ লাজ পাব লাগিছিল। কংগ্ৰেছ এতিয়া অসমৰ ৰাইজৰ পৰা বহুত দূৰত।
শ্ৰীলংকাৰ বাগানৰ ফটো লগাই কংগ্ৰেছে বিজ্ঞাপন কৰাটো দূৰ্ভাগ্যজনক আখ্যা দি মোদীয়ে কয় যে, 'গামোচা খনকলৈ মই গৌৰৱ অনুভৱ কৰো। কংগ্ৰেছে যাৰ লগত মিত্ৰতা কৰিছে সেইটো অসমৰ বাবে বিপদজনক।' ইফালে অসমৰ কৃষকৰ বাবে, বাগিচাৰ শ্ৰমিকৰ বাবে বিজেপি চৰকাৰে বহু কাম কৰা বুলি দাবী কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো প্ৰশংসাৰে উপচাই পেলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।
'এইবাৰৰ কেন্দ্ৰীয় বাজেটত অসমৰ বাগানৰ সুবিধাৰ বাবে এহেজাৰ কোটি টকা ধাৰ্য কৰিছো। শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টো আদালতৰ মজিয়াত থকাৰ বাবে বিজেপি চৰকাৰে কৰিব নোৱাৰিলে। চাহ বেপাৰীযে যদি চাহ শ্ৰমিকৰ কথা বুজি নাপাই কোনে বুজি পাব? NDA চৰকাৰে অসমৰ যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ বিষয়টো চিন্তা কৰি আছে।'- এনেদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
পাঁচ বছৰ আগলৈকে অসমৰ দলঙৰ অৱস্থা কি আছিল ? প্ৰশ্ন মোদীৰভাষণ প্ৰসংগত ৰাজ্যৰ যাতায়াত ব্যৱস্থাৰ দ্ৰুত উন্নতি হোৱা বুলি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে।বগীবিল, ঢলা শদিয়া দলঙৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
কংগ্ৰেছে মিছা প্ৰতিশ্ৰুতি দিয়ে : মোদীকংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মোদীয়ে কয় যে, 'মিছা প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছে। সমগ্ৰ দেশতে বৰ্তমান কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। মিছা প্ৰতিশ্ৰুতিৰে অসমলৈ আহিছে কংগ্ৰেছৰ নেতৃত্ব। গতিকে ৰাইজক সাৱধানে থাকিব লাগে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|