প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত শান্তিপূৰ্ণ ভাবে নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত আজি অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজিৰ দিনটোত ইভিএমত বন্দী হ’ব মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ সৰ্বমুঠ ৩৯টা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে প্ৰশাসনে।
আজিৰ দিনটোতে EVMত বন্দী হ'ব ৰাজ্যৰ চাৰিগৰাকীকৈ মন্ত্ৰীৰ ভাগ্য। মন্ত্ৰী পৰিমল শুল্কবদ্য, ভৱেশ কলিতা, পীয়ুষ হাজৰিকাৰ লগতে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে।
নিৰ্বাচনৰ আয়োগৰ ফালৰ পৰা জনোৱা মতে, ৩৯টা সমষ্টিত আছে সৰ্বমুঠ ৭৩,৪৪,৬৩১গৰাকী ভোটাৰ। ইয়াৰে ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ ভোটাৰ। সেইদৰে মহিলা ভোটাৰৰ সংখ্যা ৩৬,০৯,৯৫৯গৰাকী।
আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৬ বজাত অন্ত পৰিব ভোটদান। নিৰ্বাচন আয়োগৰ ফালৰ পৰা জনোৱা মতে, দ্বিতীয় পৰ্যায়ত সৰ্বাধিক ভোটাৰ থকা সমষ্টি হ'ল হোজাই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 01, 2021, 06:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।