মুখ্যপৃষ্ঠা »খবৰ »অসম »কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৯টা সমষ্টিৰ ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন ভোটাৰে

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৯টা সমষ্টিৰ ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন ভোটাৰে

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৯টা সমষ্টিত ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব এভিএমত। পীযূষ হাজৰিকা, ছিৰাউদ্দিন আজমল, পৰিমল শুক্লবৈদ্য, গৌতম ৰয় আছে নিৰ্বাচনী যুঁজত।

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৯টা সমষ্টিত ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব এভিএমত। পীযূষ হাজৰিকা, ছিৰাউদ্দিন আজমল, পৰিমল শুক্লবৈদ্য, গৌতম ৰয় আছে নিৰ্বাচনী যুঁজত।

  • Share this:
কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। কাইলৈ ৩৯টা সমষ্টিত
অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ত বৰাকৰ তিনিখন জিলাৰ ১৫টা সমষ্টিৰ লগতে
ডিমা হাচাওৰ এটা, পশ্চিম কাৰ্বি আংলঙৰ এটা, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও,
হোজাই আৰু ওদালগুৰিৰ ৩টাকৈ সমষ্টিৰ উপৰিও দৰঙৰ ৪টা, কামৰূপৰ দুটা আৰু
নলবাৰী জিলাৰ এটা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৪৫ জন প্ৰাৰ্থীয়ে। ইয়াৰ ভিতৰত
হেভীৱেইট প্ৰাৰ্থী আছে জাগীৰোডত পীযূষ হাজৰিকা, যমুনামুখত ছিৰাউদ্দিন আজমল,
ধলাইত পৰিমল শুক্লবৈদ্য, কাটিগড়াত গৌতম ৰয়, ৰঙিয়াত ভৱেশ কলিতা, ডিফুত
ছুম ৰংহাং, ওদালগুৰিত ৰিহণ দৈমাৰী, আৰু কৰমগঞ্জ দক্ষিণ সমষ্টিত ছিদ্দিক
আহমেদ। এই ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন
ভোটাৰে।

দ্বিতীয় পৰ্যায়ৰ ৩৯টা সমষ্টিৰ ভিতৰত ২৩টা সমষ্টি আছে বিজেপিৰ দখলত। অগপৰ
দখলত আছে ২টা সমষ্টি। কংগ্ৰেছৰ ৫টা সমষ্টি, AIUDFৰ ৫টা সমষ্টি থকাৰ বিপৰীতে
BPF ৰ হাতত আছে ৪টা সমষ্টি

শেহতীয়া বাতৰি