আজি অসম বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। আজি পুৱাৰে পৰা হিলদোল ভাঙি ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা দেখা গৈছে। প্ৰতিদ্বন্দিতা আগবঢ়োৱা বহু প্ৰাৰ্থীয়েও ভোটদান কৰি ফটোৰ বাবে প'জ দিয়ে। তাৰ মাজতে পলাশবাৰী সমষ্টিত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য।
![]()
ৰাজনৈতিক শত্ৰুতা থাকিলেও আজিৰ দিনটোত ভোটকেন্দ্ৰত একেলগে ফটো উঠিলে পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়া আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে। ভোট দান কৰি বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াই আশীষ ললে AJP প্ৰাৰ্থী পংকজ লোচন গোস্বামীৰ পৰা।
বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পিছত কোন জন প্ৰাৰ্থীৰ জয় হৈ শেষ হাঁহি মাৰিব সেই নিশ্চিত কৰিব পলাশবাৰীৰ ভোটাৰে। কিন্তু আজি ভোটদানৰ দিনটোত দুই প্ৰাৰ্থীয়ে নিজৰ নিজৰ ভোটদান কৰি ইজনে আনজনৰ প্ৰতি কৰা সন্মান দেখি উৎফুল্লিত হৈ পৰিছে বিজেপি আৰু অসম জাতীয় পৰিষদ (AJP)ৰ সমৰ্থকসকল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|