তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে BTCৰ আৰক্ষী-প্ৰশাসনে ইতিমধ্যে ককালত টঙালি বান্ধিছে ৷ BTRৰ চাৰিখন জিলাৰ ভিতৰত ওদালগুৰিৰ তিনিটা সমষ্টিত ইতিমধ্যে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে ১ এপ্ৰিলত ৷ বাকী বাক্সা, চিৰাং আৰু কোকৰাঝাৰৰ মুঠ ৯টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব ৬ এপ্ৰিলত ৷
তৃতীয় তথা অন্তিম পৰ্যায়ত BTRৰ ৯টা সমষ্টিৰ নিৰ্বাচনৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ কিয়নো শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছতো NDFB(S)ৰ কামাণ্ডাৰ বাথাই লগত চল্লিশজন সদস্য লৈ ইতিমধ্যে গঠন কৰিলে National Liberation Front of Bodoland চমুকৈ NLFBৰ ৷ বাথাৰ NLFBএ নিৰ্বাচনৰ সময়ত অশান্তিকৰ পৰিৱেশৰ সূচনা কৰাৰ আশংকা আছে ৷ সেই হিচাপত BTRত বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত BTCৰ ADGP ডাঃ এল আৰ বিষ্ণৈয়ে ক'লে- “বাথাৰ NLFBত চল্লিশজন সদস্য আছে ৷ তেওঁলোকৰ লগত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আছে ৷ আমি NLFBৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছোঁ ৷ নিৰ্বাচনৰ পিছত এই অভিযান তীব্ৰতৰ কৰা হ'ব ৷ নিৰ্বাচনত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভূটান সীমান্তৱৰ্তী অঞ্চলত অতিৰিক্ত নিৰাপত্তা বাহিনী মুতায়েন কৰা হৈছে ৷ সেনাৰ সৈতেও সম্পৰ্ক ৰখা হৈছে ৷ অঞ্চলটোত তীক্ষ্ণ নজৰ ৰখা হৈছে ৷ দুৰ্গম অঞ্চলত থকা ভোটগ্ৰহণ কেন্দ্ৰত অধিক সশস্ত্ৰ নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে ৷”
ইপিনে কোকোৰাঝাৰ জিলাতো বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি News18ক জনালে জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনে ৷