"নগাঁও সদৰ সমষ্টিৰ দ্ৰুত উন্নয়নৰ লগতে নগাঁৱবাসীক গুণ্ডাৰাজৰ পৰা সুৰক্ষা দিয়াই আমাৰ প্ৰধান লক্ষ্য"- আজি নগাঁও চহৰৰ কেইবাঠাইটো ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই।
উল্লেখযোগ্য যে, বিগত নিৰ্বাচনৰ পূৰ্বে ব্যাপক হাৰত চলা ডকাইটি আৰু গুণ্ডাৰাজৰ অৱসান ঘটোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিজেপিক আদৰি লৈছিল ৰাইজে। দিন-দুপৰতে সংঘটিত হত্যাকাণ্ড, ধাৰাবাহিক ডকাইটি কাণ্ডৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাৰে ৰাইজে ভোটদান কৰিছিল বিজেপিৰ প্ৰাৰ্থীগৰাকীক। বিগত ৫বছৰে নগাঁৱত ডকাইটি আৰু গুণ্ডাৰাজৰ পৰা ৰাইজে যথেষ্ট পৰিমাণে পৰিত্ৰাণ পাইছিল। সেই সুযোগ পুনৰ গ্ৰহণ কৰি বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই নগাঁৱৰ ৰাইজক উন্নয়নৰ লগতে সুৰক্ষাৰ শ্লোগান দি ভোটভিক্ষা কৰিছে।
ইপিনে বিগত ৫ বছৰত সদৰ সমষ্টি তথা নগাঁও চহৰত হোৱা উন্নয়নমূলক কাম-কাজকো বিজেপিয়ে ব্যাপক হাৰত প্ৰচাৰ চলাই নগাঁৱৰ ৰাইজৰ সমৰ্থন আদায় কৰাৰ চেষ্টাত ব্ৰতী হোৱা দেখা গৈছে।
ইয়াৰ বিপৰীতে, কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাইয়ো সমষ্টিটোত প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও প্ৰচাৰৰ দৌৰত বিজেপিতকৈ কিছু পিছ পৰিছে কংগ্ৰেছ। উল্লেখযোগ্য যে, কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা সম্বন্ধীয় ভাতৃ হোৱাৰ বাবে নগাঁৱত এইবাৰ ৰাজনৈতিক যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|